উজনিৰ পৰা নামনিলৈ বানৰ সংহাৰ

নেৰানেপেৰা বৰষুণৰ ফলতে অধিক জটিল হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। নুমলীগড়ৰ মহুৰামুখৰ বংকুৱালত চিঙিল মথাউৰি। পানীৰ কোবাল সোঁতে বুৰাই পেলাইছে ইখনৰ পিছত সিখন গাঁও। পানীৰ ঢলত গঞা ৰাইজৰ পোহনীয়া গৰুমহ উটিযোৱা খবৰে বৰ্ণনা কৰিছে বানৰ ভয়াৱহতা। বংকোৱালত চিগি যোৱা মথাউৰি পৰ্যবেক্ষণৰ বাবে উপস্থিত হোৱা জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা সন্মুখীন হয় ৰাইজৰ তীব্ৰ প্ৰশ্নবানৰ। ক্ষোভিত শংকিত বানাক্ৰান্তক আৰু যাতে অধিক ক্ষতি নহয় তাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মন্ত্ৰী হাজৰিকাই।

দেৰগাঁৱৰ গড়মৰা চকীয়ালত বাঢ়নী পানীত উটি গ’ল এজন লোক। বানৰ মাজতে টুলুঙা নাৱত উঠি অহা বিশ্ব ভূঞা নামৰ লোকজন পৰি যায় বাঢ়নি পানীত। কিন্তু খবৰ দিয়াৰ পিছতো সময়মতে SDRFৰ লোক উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে ৰাইজ। বানৰ সংহাৰৰ মাজতে ভূতৰ ওপৰত দানহৰ দৰে NHPC কৰ্তৃপক্ষই খুলি দিলে নামনী শোৱণশিৰি বৃহৎ‍ জলবিদ্যুৎ প্ৰকল্পৰ গে’ট। NHPC বান্ধৰ দুখনকৈ গে’টেৰে খুলি দিয়া হৈছে পানী। ফলত ভয়াৱহভাৱে বৃদ্ধি পাইছে ৰঙানদী আৰু সোৱণশিৰিৰ জলপৃষ্ঠ। ১৩ বছৰৰ অভিলেখ ভংগ কৰি বৃদ্ধি পাইছে সোৱণশিৰিৰ জলপৃষ্ঠ। NHPCএ পানী এৰি দিয়াত নামনি অঞ্চলত সৃষ্টি হৈছে জলপ্ৰলয়। নাৰায়ণপুৰত সোৱণশিৰি নদীয়ে ভয়ংকৰ ৰূপ। সোৱণশিৰি বাঢ়নি পানীয়ে বুৰাই পেলাইছে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ বহুকেইখন গাঁও। নৈপৰীয়াৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। নাওবৈচাত বোকানদীৰ তাণ্ডৱত দিশহাৰা ৰাণাবাৰীৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ। জলবন্দী হৈ পৰিছে পোহনীয়া জন্তুসহ সহস্ৰাধিকলোক। শীঘ্ৰে জিলা প্ৰশাসনক সহায়ৰ দাবী বন্যাৰ্তৰ।

জোনাইত অব্যাহত আছে বানৰ তাণ্ডৱ৷ ৰাইজৰ লগতে পশুধনৰো মাজত খাদ্য সংকট৷ ধেমাজিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। ব্যাহত হৈ পৰিছে যাতায়াত। কাকপথাৰৰ অসম-অৰুণাচল সীমান্তৰ ডিৰাকত বানৰ সংহাৰ। ডিৰাকৰ পুৰণি চোমণিত চিগিল বান্ধ। ১০ খনতকৈ অধিক গাঁৱত সূচনা হৈছে প্ৰলয় সদৃশ পৰিস্থিতি।

শদিয়াত বানৰ সংসাৰী ৰূপ। কুণ্ডিল নদীয়ে সৃষ্টি কৰিছে বিভীষিকাৰ৷ ভয়ংকৰ বান, খহনীয়া দেখি টালি-টোপোলা বান্ধি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ৰাইজে।

শোণিতপুৰৰ বালিপৰাত জৰাসৰ নদীৰ তাণ্ডৱ। বছৰৰ প্ৰথমটো বানত বুৰিল বালিপৰাৰ বিস্তীৰ্ণ অঞ্চল। জৰাসৰ নদীৰ মাঠাউৰি চিগাৰ ফলত ককবকাইছে বিস্তৃৰ্ণ অঞ্চলৰ ৰাইজে। ঢলা, শদিয়া, মাৰ্ঘেৰিটা, ডিগবৈকে ধৰি তিনিচুকীয়াৰ বিভিন্ন অঞ্চলতো বানৰ সংহাৰীৰূপ। অধিক অৱনতি ঘটিছে টীয়কৰ জাঁজীমুখত বান পৰিস্থিতি। মাজুলীত আহাৰমহীয়া বানৰ ভয়াবহ ৰূপ। মাজুলীৰ ৰক্ষাকৱচ স্বৰূপ বনগাঁও, বেচামৰা, হালধিবাৰী মথাউৰিৰ দুৰ্বল অৱস্থাই যিকোনো মূহুৰ্ততে সমগ্ৰ মাজুলী জলমগ্ন কৰি পেলোৱাৰ সম্ভাৱনা। কলিয়াবৰৰ ৩ নং আৰু ২ নং বৰঘূলিত বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। ওদালগুৰিৰ কলাইগাঁৱৰ বিস্তীৰ্ণ এলেকা বানৰ কৱলত। নোৱা নৈৰ বানত বুৰা শিংৰিমাৰী, হাবিভাঙা অঞ্চলত জনপ্ৰতিনিধি, প্ৰশাসনৰ লোকে খবৰ নোলোৱাৰ অভিযোগ। এনেদৰেই ৰাজ্যত ক্ৰমাৎ‍ জটিল হৈ পৰিছে বান পৰিস্থিতি। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰী মোদীয়ে। কিন্তু দৈনিক বৃদ্ধি পাইছে বানত মৃতকৰ সংখ্যা। বৃদ্ধি পাইছে বানত আক্ৰান্তৰ সংখ্যা। পৰিত্ৰাণ বিচাৰি চৰকাৰলৈয়ে বাট চাইছে লক্ষ লক্ষ বানাক্ৰান্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...