বৰষুণৰ ফলত ফেনে-ফোটোকাৰে উফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰ

চ’ত মহীয়া বানত ককবকাইছে লাইকা দধীয়াৰ ৰাইজে। যোৱা কেইবাদিনো ধৰি নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ বাবে চাবুৱাৰ লাইকা, দধীয়াত বানৰ সংহাৰীৰূপ। ক্ৰমে ব্ৰক্ষ্মপুত্ৰ আৰু ডিব্ৰু নদীৰ জলপৃষ্ঠ বাঢ়ি অহাত লাইকা, দধীয়াবাসী শংকিত হৈ পৰিছে। ৬দিন ধৰি ধাৰাবাহিকভাৱে হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে উফন্দি উঠিছে মহাবাহু ব্ৰহ্মপুত্ৰ। বছৰৰ প্ৰথমটো বানত জলমগ্ন হৈ পৰিছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে লাইকা দধীয়াৰ বিস্তৃৰ্ণ অঞ্চল। ব্ৰক্ষ্মপুত্ৰৰ প্ৰৱল সোঁতত যোৱা ৩ দিনৰ পৰা দধীয়ালৈ নাৱেৰে যাব পৰা নাই দধীয়াবাসী। প্ৰতিবছৰে বানত জ্বলাকলা খোৱা ৰাইজে জলসম্পদ বিভাগৰ বিৰুদ্ধে উজাৰিছে ক্ষোভ।

বাৰিষাৰ পূৰ্বে জলমগ্ন তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ কেইবাখনো গাঁও। মাগুৰি-মটাপুং বিলৰ নৱ-নিৰ্মিত মথাউৰি চিঙাৰ ফলত জলমগ্ন হৈ পৰিছে বৃহত্তৰ অঞ্চলটো। পানীৰ তলত পকী পথ সমূহ। টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে। ইফালে খোৱাপানী আৰু আশ্ৰয়ৰ সন্ধানত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ লোকৰ মাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...