মহানগৰীৰ বিড়ম্বনা! গুৱাহাটীত আকৌ বান…

মানুহ গৈ চন্দ্ৰ পালেগৈ, সৌ সিদিনা মহাকাশত বহুকেইটা মাহ থাকি পৃথিৱীলৈ উভতি আহিল সুনীতা উইলিয়ামছ। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ইমান জয়জয় ময়ময় অৱস্থাৰ দিনতো কিন্তু সলনি হোৱাৰ নাম নল’লে গুৱাহাটীৰ দুৰ্দশাৰ ছবিখনে। বিয়লিৰ ভাগত অহা এজাক প্ৰায় ২০ মিনিটৰ বৰষুণ। আৰু তাৰ পিছতেই গুৱাহাটীৰ ভিন্ন প্ৰান্তত সৃষ্টি হ’ল কৃত্ৰিম বানৰ।

এয়া সদাব্যস্ত গণেশগুৰিৰ দৃশ্য। এজাক বৰষুণৰ পিছতেই এইদৰেই প্লাৱিত হৈ পৰিল গণেশগুৰিৰ ৰাজপথ। দুৰ্ভোগ ভুগিবলগা হ’ল পথচাৰীয়ে। চানমাৰি, অনিল নগৰ, নবীন নগৰতো দেখিবলৈ পোৱা গ’ল একেই পৰিৱেশ। বানত বুৰিল জু-ৰোড। জু-তিনিআলিৰ সমীপতো সৃষ্টি হ’ল কৃত্ৰিম বানৰ। কেৱল এয়াই নহয়, কৃত্ৰিম বানৰ পিছতেই ঠায়ে ঠায়ে আবদ্ধ হৈ পৰিল বহু বাহন। গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে দুৰ্ভোগ ভুগিবলগা হ’ল মহানগৰবাসীয়ে।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...