মহানগৰীৰ বিড়ম্বনা! গুৱাহাটীত আকৌ বান…

মানুহ গৈ চন্দ্ৰ পালেগৈ, সৌ সিদিনা মহাকাশত বহুকেইটা মাহ থাকি পৃথিৱীলৈ উভতি আহিল সুনীতা উইলিয়ামছ। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ইমান জয়জয় ময়ময় অৱস্থাৰ দিনতো কিন্তু সলনি হোৱাৰ নাম নল’লে গুৱাহাটীৰ দুৰ্দশাৰ ছবিখনে। বিয়লিৰ ভাগত অহা এজাক প্ৰায় ২০ মিনিটৰ বৰষুণ। আৰু তাৰ পিছতেই গুৱাহাটীৰ ভিন্ন প্ৰান্তত সৃষ্টি হ’ল কৃত্ৰিম বানৰ।

এয়া সদাব্যস্ত গণেশগুৰিৰ দৃশ্য। এজাক বৰষুণৰ পিছতেই এইদৰেই প্লাৱিত হৈ পৰিল গণেশগুৰিৰ ৰাজপথ। দুৰ্ভোগ ভুগিবলগা হ’ল পথচাৰীয়ে। চানমাৰি, অনিল নগৰ, নবীন নগৰতো দেখিবলৈ পোৱা গ’ল একেই পৰিৱেশ। বানত বুৰিল জু-ৰোড। জু-তিনিআলিৰ সমীপতো সৃষ্টি হ’ল কৃত্ৰিম বানৰ। কেৱল এয়াই নহয়, কৃত্ৰিম বানৰ পিছতেই ঠায়ে ঠায়ে আবদ্ধ হৈ পৰিল বহু বাহন। গুৱাহাটীৰ প্ৰান্তে প্ৰান্তে দুৰ্ভোগ ভুগিবলগা হ’ল মহানগৰবাসীয়ে।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন দিল্লীত মোদী-পুটিনৰ বৈঠক : বাণিজ্য, প্ৰতিৰক্ষা আৰু ইউক্ৰেইন যুদ্ধক লৈ গুৰুত্বপূৰ্ণ আলোচনা

নতুন দিল্লীত শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি...

ডিব্ৰুগড়ৰ ডনবস্কো’ স্কুলত ১২ ছাত্ৰৰ আঘাতৰ ঘটনা, আৰম্ভ তদন্ত

ডিব্ৰুগড়ৰ ডনবস্কো' এইচ এছ স্কুলত সংঘটিত এক উদ্বেগজনক ঘটনাক...

UGC NET-ত উজলিল মৰিয়নীৰ নাংমু বুঢ়াগোহাঁই

জীৱনৰ কঠিন পৰিস্থিতিকো হেলাৰঙে নেওচি UGC NET ২০২৬ পৰীক্ষাত...

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...