বছৰৰ দ্বিতীয়টো বানত প্লাৱিত নামনি অসম

নামনি অসমৰ চিৰাং,বঙাইগাঁৱত ইখনৰ পিচত সিখন গাঁও জলমগ্ন হৈছে। ফেনে ফোটোকাৰে বাঢ়িছে আই, নাঙলভাঙা, মাক্ৰাকে আদি কৰি কেবাখনো নৈৰ জলপৃষ্ঠ। শুকুৰবাৰৰ নিশাৰ পৰা বৃদ্ধি পোৱা নৈৰ বাঢ়নি পানী সোমাইছে কেইবা শতাধিক গাঁৱত। বাঢ়নি পানীয়ে উটুৱাই নিছে ৰাইজৰ ঘৰ বাৰী। হঠাৎ ভূটানৰ পৰা নামি অহা পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে নামনি অসমৰ চিৰাং আৰু বঙাইগাঁও জিলাত।

ইফালে বঙাইগাঁৱতো বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। হুৰাহোৰে বৃদ্ধি পোৱা আই নৈৰ পানী সোমাইছে ঝাৰাগুৰীত। বানত ডুব গৈছে তিনিশৰো অধিক পৰিয়ালৰ ঘৰবাৰী। ঝাৰাগুৰী মথাউৰি ছিঙি নিয়ে আই নৈৰ পানীয়ে। ফলত দ্ৰুত গতিত বৃদ্ধি পাইছে জলস্তৰ। ইখনৰ পিচত সিখন গাঁও বানত পৰিছে বঙাইগাঁৱত। ঝাৰাগুৰীত তিনিশ পৰিয়াল আৱদ্ধ হৈ পৰে বান পানীত। উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চলো ডুব গৈছে বাঢ়নি পানীত। কীৰ্তনপাৰা-ডাঙাইগাঁও সংযোগী পকী পথৰ ওপৰেদি বাঢ়নি পানী বাগৰাৰ লগতে অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ কেইবাখনো গাঁও বানৰ কৱলত পৰিছে। ভূটানৰ পৰা নামি অহা পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে জিলাখনত। বানত আবদ্ধ হৈ পৰিছে বহু লোক, পশুধন আদি। খাদ্যৰ সংকটতো ভুগিছে বানাক্ৰান্ত সকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...