বছৰৰ দ্বিতীয়টো বানত প্লাৱিত নামনি অসম

নামনি অসমৰ চিৰাং,বঙাইগাঁৱত ইখনৰ পিচত সিখন গাঁও জলমগ্ন হৈছে। ফেনে ফোটোকাৰে বাঢ়িছে আই, নাঙলভাঙা, মাক্ৰাকে আদি কৰি কেবাখনো নৈৰ জলপৃষ্ঠ। শুকুৰবাৰৰ নিশাৰ পৰা বৃদ্ধি পোৱা নৈৰ বাঢ়নি পানী সোমাইছে কেইবা শতাধিক গাঁৱত। বাঢ়নি পানীয়ে উটুৱাই নিছে ৰাইজৰ ঘৰ বাৰী। হঠাৎ ভূটানৰ পৰা নামি অহা পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে নামনি অসমৰ চিৰাং আৰু বঙাইগাঁও জিলাত।

ইফালে বঙাইগাঁৱতো বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। হুৰাহোৰে বৃদ্ধি পোৱা আই নৈৰ পানী সোমাইছে ঝাৰাগুৰীত। বানত ডুব গৈছে তিনিশৰো অধিক পৰিয়ালৰ ঘৰবাৰী। ঝাৰাগুৰী মথাউৰি ছিঙি নিয়ে আই নৈৰ পানীয়ে। ফলত দ্ৰুত গতিত বৃদ্ধি পাইছে জলস্তৰ। ইখনৰ পিচত সিখন গাঁও বানত পৰিছে বঙাইগাঁৱত। ঝাৰাগুৰীত তিনিশ পৰিয়াল আৱদ্ধ হৈ পৰে বান পানীত। উত্তৰ অভয়াপুৰীৰ বিস্তীৰ্ণ অঞ্চলো ডুব গৈছে বাঢ়নি পানীত। কীৰ্তনপাৰা-ডাঙাইগাঁও সংযোগী পকী পথৰ ওপৰেদি বাঢ়নি পানী বাগৰাৰ লগতে অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ কেইবাখনো গাঁও বানৰ কৱলত পৰিছে। ভূটানৰ পৰা নামি অহা পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে জিলাখনত। বানত আবদ্ধ হৈ পৰিছে বহু লোক, পশুধন আদি। খাদ্যৰ সংকটতো ভুগিছে বানাক্ৰান্ত সকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...