আজি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৭টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত আজি ১১খন জিলাৰ ৫৮টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ আৰম্ভ হৈছে পুৱা ৭ বজাৰ পৰা। ক’ভিড নীতি নিৰ্দেশনাৰ মাজতে ৰাজ্যখনত অনুষ্ঠিত কৰা হৈছে বিধানসভা নিৰ্বাচন। সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ কৰা হ’ব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬২৩ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। ইয়াৰ ভিতৰত আছে যোগী আদিত্য নাথ চৰকাৰৰ কেইবাজনো মন্ত্ৰীও। প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ২.২৭ কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। বিধানসভা নিৰ্বাচনত ঘাইকৈ বিজেপি আৰু সমাজবাদী পাৰ্টীৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ’ব যদিও বহুজন সমাজ পাৰ্টীকে ধৰি আন কেইবাটাও দলেও ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলাই আহিছে। যোগী আদিত্য নাথৰ হকে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি শীৰ্ষ নেতৃত্বই প্ৰচাৰ চলাই অহাৰ বিপৰীতে সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে আৰ এল ডিৰ শীৰ্ষ নেতৃত্বৰ সহযোগত ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...