ডিব্ৰুগড়-পাছিঘাট পথত প্ৰথম বাণিজ্যিক বিমান উৰাণ!

মেক-ইন-ইণ্ডিয়া’ ডৰ্ণিয়াৰ বিমানৰ আজি প্ৰথম বাণিজ্যিক উৰণ। এলায়েন্স এয়াৰে ফেব্ৰুৱাৰীত চৰকাৰৰ মালিকানাধীন এইচ এ এল ৰ সৈতে দুখন ১৭টা আসনৰ ডৰ্ণিয়াৰ ২২৮টা বিমান লীজত লোৱাৰ চুক্তি স্বাক্ষৰ কৰিছিল।|এলায়েন্স এয়াৰৰ মেড-ইন-ইণ্ডিয়া ডৰ্ণিয়াৰ ২২৮ বিমানে মঙলবাৰে ডিব্ৰুগড়-পাছিঘাট পথত প্ৰথম বাণিজ্যিক উৰণৰ বাবে সাজু হৈছে। অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে জনোৱা অনুসৰি অসামৰিক অভিযানৰ বাবে ভাৰতৰ দ্বাৰা নিৰ্মিত বিমান উৰা মাৰিবলৈ এইটো ভাৰতৰ প্ৰথম বাণিজ্যিক বিমান সেৱা। অসমৰ লীলাবাৰীত বিমানখনৰ বাবে প্ৰথমউৰণ প্ৰশিক্ষণ সংগঠনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।

উদ্বোধনী অনুষ্ঠানত বিমান মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া,অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডো আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। তেওঁলোকৰ লগতে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ সচিব ৰাজীৱ বনচাল,অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ যুটীয়া সচিব উষা পাধি আৰু অম্বৰ দুবে, অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্য চৰকাৰৰ অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু এলায়েন্স এয়াৰৰ কৰ্তৃপক্ষ উপস্থিত থাকে।

ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌসেনাৰ বাবে হিন্দুস্তান এৰোনটিক্স লিমিটেডে নিৰ্মাণ কৰা এটা টুইন-টাৰ্বোপ্ৰপ শ্বৰ্ট টেক-অফ আৰু লেণ্ডিং ইউটিলিটি বিমান । বিমান সংস্থাটোৱে এপ্ৰিলত ইয়াৰ প্ৰথম ডৰ্ণিয়াৰ ২২৮ বিমান লাভ কৰিছিল। বিমানখনৰ প্ৰথম খন উৰণ অসমৰ ডিব্ৰুগড় আৰু অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ মাজত। এই বিমানখনে উত্তৰ-পূবৰ ৰাজ্যসমূহত সংযোগ বৃদ্ধি কৰিবলৈ সাজু হৈছে। মেড-ইন-ইণ্ডিয়া বিমানখনত দুজন সদস্য আৰু ১৭জন যাত্ৰী থাকিব পাৰে। ইয়াৰ পাখিৰ বিস্তাৰ ১৬.৯৭মিটাৰ,সামগ্ৰিক দৈৰ্ঘ্য ১৬.৫৬মিটাৰ,আৰু সামগ্ৰিক উচ্চতা ৪.৮৬মিটাৰ। বিমানখন আকাশী জৰীপ,প্ৰদূষণ প্ৰতিৰোধ,অনুসন্ধান আৰু উদ্ধাৰ, যাত্ৰী পৰিবহন,সৈন্য পৰিবহন,লজিষ্টিক সমৰ্থন আদিকে ধৰি একাধিক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী

সৰ্থেবাৰীত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পিতৃ আৰু ৫বছৰীয়া পুত্ৰৰ কৰুণ...

ভাৰতৰ সন্মুখত লক্ষ্য ২৪২ ৰান

চেম্পিয়নছ ট্ৰফীৰ হাই ভল্টেজ খেল। আটাইকেইটা উইকেট হেৰুৱাই পাকিস্তানৰ...

সৰ্থেবাৰীৰ ৰাজপথত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন

শোকাৱহ ঘটনাই জোকাৰি গ'ল সৰ্থেবাৰী। সৰ্থেবাৰী-বৰপেটা পথত শেষ হৈ...

সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক, পানী জমা হোৱাৰ বাবে ব্যাহত উদ্ধাৰ অভিযান

পুনৰ সংঘটিত হৈছে এক অঘটন। এইবাৰ নিৰ্মীয়মান সুৰংগ খহি...