নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিছে অসম আৰক্ষী

কাৰ্বি আংলঙৰ সদৰ ডিফুত মঙলবাৰে সৃষ্টি হয় এক যুদ্ধ সদৃশ পৰিস্থিতিৰ। কাৰ্বি আংলঙৰ PGR-VGR ভূমিত উচ্ছেদৰ দাবীৰে ডিফুত বাহিৰ কৰা হৈছিল সমদল। এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল বিভিন্ন দল সংগঠনৰ শ শ পুৰুষ মহিলাই। প্ৰতিবাদকাৰীসকলে ডিফুৰ বিৰলা অঞ্চলৰ পৰা বাহিৰ কৰিছে প্ৰতিবাদী সমদল। বিজেপি চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা এই প্ৰতিবাদৰ সময়তে ডিফুৰ আমোলাপট্টীত প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে আৰক্ষী নিৰাপত্তাৰক্ষীৰ বিশাল বাহিনীয়ে। কিন্তু আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ অব্যাহত ৰখাৰ চেষ্টা কৰে। তেতিয়াই আৰক্ষীৰে সংঘাতৰ সৃষ্টি হয় প্ৰতিবাদকাৰী মাজত।

প্ৰতিবাদকাৰীয়ে কাৰ্বি আংলং স্বায়ত্ত্ব শাষিত পৰিষদৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ চেষ্টা অব্যাহত ৰাখে। আৰক্ষীৰ পথ নিৰ্দেশনা নমনা বাবেই আৰক্ষীয়ে বাধা প্ৰদান কৰি এটা সময়ত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত কৰে লাঠিচালনা। লাঠিচালনাই নহয় প্ৰতিবাদকাৰীক চত্ৰভংগ দিয়াবলৈ কৰে শূন্যলৈ গুলীচালনা। কিন্তু শূন্যলৈ গুলী চলোৱাৰ নামত যেন এক প্ৰকাৰ গুলীৰ বৰষুণহে কৰে তুলীৰামৰ বিশাল বাহিনীয়ে। আৰক্ষীৰ অত্যাচাৰত আহত হয় কেইবাজনো প্ৰতিবাদকাৰী। আহত প্ৰতিবাদকাৰীসকলক পিছত ভৰ্তি কৰোৱা হয় ডিফু মেডিকেল কলেজ হাস্পতালত। অৰ্ধ শতাধিক প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

PGR-VGR ভূমিত উচ্ছেদৰ দাবীৰে ৰাইজে সাব্যস্ত কৰা প্ৰতিবাদ ৰোধৰ নামত কাৰ্বি আংলঙৰ আৰক্ষী প্ৰশাসনে প্ৰদৰ্শন কৰা কঠোৰতাকলৈ পাহাৰীয়া জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। তুলীৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং প্ৰশাসনে প্ৰতিবাদ দমনৰ নামত প্ৰদৰ্শন কৰা বৰ্বৰতাক গৰিহণা দিছে বিৰোধীৰ লগতে স্থানীয় দল সংগঠনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...