সকলো শেষ! ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল ১৬ খন দোকান, ৩টা বাসগৃহ

দাউদাউকৈ জ্বলি উঠিল টেঙাখাতৰ মাজমজিয়া । নিশা ২ বাজি ৫ মিনিটত টেঙাখাতৰ মাজমজিয়াত সংঘটিত হয় এক ভংয়কৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত ১৬ খন দোকানৰ লগতে ৩ টাকৈ বাসগৃহ জাহ যায় । এই অগ্নিকাণ্ডত লাখ লাখ টকাৰ স্থাৱৰ-অস্থাৱৰ সা-সম্পত্তি জ্বলি ছাই হয়। অগ্নিকাণ্ড সংঘটিত হোৱা প্ৰায় এক ঘণ্টাতকৈও অধিক সময়ৰ পাছত অগ্নিনিৰ্বাপক বাহিনী আহি উপস্থিত হোৱাত টেঙাখাতৰ সাধাৰণ ৰাইজে ক্ষোভ প্ৰকাশ কৰে। প্ৰথম অৱস্থাত টেঙাখাতৰ ৰাইজে পানী- বালি ছটিয়াই জুই নুমুৱাবলে আপ্ৰাণ চেষ্টা কৰে । টেঙাখাত ৰাইজ তথা ভুক্তভোগীয়ে লগতে কয় যে অগ্নিনিৰ্বাপক বাহিনী সময়মতে উপস্থিত হোৱা হ’লে অগ্নিকাণ্ডত বিস্তৰ ক্ষয় ক্ষতি হবলৈ নাপালেহেঁতেন! ৩টাকৈ গেছ চিলিণ্ডাৰ ব্লাষ্ট হৈ নিজ টেঙাখাতৰ প্ৰয়াত শিক্ষয়ত্ৰী এলিজা বেগমৰ নকৈ সজা বাসগৃহটি সম্পূৰ্ণৰূপে এই অগ্নিকাণ্ডত জাহ যায়। নিচেই কাষতে থকা অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৩ ঘণ্টা জোৰা নেৰানেপেৰা চেষ্টাৰ অন্তত জুই নুমুৱাবলে সক্ষম হয় যদিও টেঙাখাত মূল অঞ্চলত এখন অগ্নিনিৰ্বাপক বাহন নথকাৰ কাৰণে ৰাইজে প্ৰশাসনক উদ্দেশ্যি ক্ষোভ প্ৰকাশ কৰে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...