ৰাজ্যৰ ভিন্ন প্ৰান্তত বিধ্বংসী অগ্নিকাণ্ড

ৰাজ্যৰ ভিন্ন প্ৰান্তত বিধ্বংসী অগ্নিকাণ্ড। কামৰূপৰ গৰৈমাৰীৰ বিহাপাৰাত শুকুৰবাৰে মাজনিশা জাকিৰ হুছেইন নামৰ লোকজনৰ কাপোৰৰ মিলত লাগিল জুই। নিমিষতে ভস্মীভূত হ’ল বৃহৎ কাপোৰৰ মিলটো। প্ৰায় ২০ কোটি টকাৰ সম্পত্তি জাহ যায় বুলি অনুমান কৰিছে স্থানীয় লোক আৰু স্বত্বাধিকাৰীয়ে। অগ্নিকাণ্ডৰ কাৰণ স্পষ্ট নহয় যদিও সন্দেহ কৰা হৈছে শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হৈছে এই অগ্নিকাণ্ড।

আনহাতে ডিব্ৰুগড়ৰ মিলননগৰৰ তুলসী গাঁৱতো অগ্নিকাণ্ডৰ ঘটনা। এটা ভাৰাঘৰৰ পৰা সূত্ৰপাত ঘটা জুই বিয়পি পৰে ৫টা ভাৰাঘৰলৈ। নিমিষতে জ্বলি ছাৰখাৰ হয় পাঁচোটা ভাৰাঘৰ। অগ্নিকাণ্ডত বিস্ফোৰিত হয় কেইবাটাও চিলিণ্ডাৰ। সৌভাগ্যক্ৰমে হতাহত নহ’ল কোনো লোক।

সৰভোগতো দাউদাউকৈ জ্বলি উঠিল নয়ন কলিতা নামৰ লোকজনৰ বাসগৃহ। আমগুৰি গাঁৱৰ নয়ন কলিতাৰ বাসগৃহত কোনো লোক উপস্থিত নথকাৰ ফলত জুইৰ সূত্ৰপাত ঘটে। এই জুইৰ সম্প্ৰসাৰণ ঘটে চুবুৰীয়া বাপন কলিতাৰ ঘৰলৈও।

ইফালে চিলাপথাৰ নগৰৰ মাজমজিয়াতো অগ্নিকাণ্ডৰ ঘটনা। পুৱতি নিশা এখন টায়াৰ দোকান আৰু হোটেল ভস্মীভূত হৈ ক্ষতিসাধন হয় লক্ষাধিক টকাৰ সা সম্পত্তি। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ। কাছাৰৰ কালাইনতো জুইত জাহ গ’ল ৪খন ব্যৱসায়িক প্ৰতিষ্ঠান। কালাইনতো অগ্নিকাণ্ডৰ কাৰণ হৈছে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট। ছিপাঝাৰৰ গভৰাত পাৰিবাৰিক কন্দলৰ ফলতে এজন লোকে বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ। ভাতৃৰ লগত কাজিয়াৰ ফলত এটা ঘৰ জ্বলাই দিয়ে পংকজ বৰা নামৰ লোকজনে। সৌভাগ্যক্ৰমে ৰক্ষা পৰি এগৰাকী মহিলা আৰু গো–ধন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...