ৰাজ্যৰ ভিন্ন প্ৰান্তত বিধ্বংসী অগ্নিকাণ্ড

ৰাজ্যৰ ভিন্ন প্ৰান্তত বিধ্বংসী অগ্নিকাণ্ড। কামৰূপৰ গৰৈমাৰীৰ বিহাপাৰাত শুকুৰবাৰে মাজনিশা জাকিৰ হুছেইন নামৰ লোকজনৰ কাপোৰৰ মিলত লাগিল জুই। নিমিষতে ভস্মীভূত হ’ল বৃহৎ কাপোৰৰ মিলটো। প্ৰায় ২০ কোটি টকাৰ সম্পত্তি জাহ যায় বুলি অনুমান কৰিছে স্থানীয় লোক আৰু স্বত্বাধিকাৰীয়ে। অগ্নিকাণ্ডৰ কাৰণ স্পষ্ট নহয় যদিও সন্দেহ কৰা হৈছে শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হৈছে এই অগ্নিকাণ্ড।

আনহাতে ডিব্ৰুগড়ৰ মিলননগৰৰ তুলসী গাঁৱতো অগ্নিকাণ্ডৰ ঘটনা। এটা ভাৰাঘৰৰ পৰা সূত্ৰপাত ঘটা জুই বিয়পি পৰে ৫টা ভাৰাঘৰলৈ। নিমিষতে জ্বলি ছাৰখাৰ হয় পাঁচোটা ভাৰাঘৰ। অগ্নিকাণ্ডত বিস্ফোৰিত হয় কেইবাটাও চিলিণ্ডাৰ। সৌভাগ্যক্ৰমে হতাহত নহ’ল কোনো লোক।

সৰভোগতো দাউদাউকৈ জ্বলি উঠিল নয়ন কলিতা নামৰ লোকজনৰ বাসগৃহ। আমগুৰি গাঁৱৰ নয়ন কলিতাৰ বাসগৃহত কোনো লোক উপস্থিত নথকাৰ ফলত জুইৰ সূত্ৰপাত ঘটে। এই জুইৰ সম্প্ৰসাৰণ ঘটে চুবুৰীয়া বাপন কলিতাৰ ঘৰলৈও।

ইফালে চিলাপথাৰ নগৰৰ মাজমজিয়াতো অগ্নিকাণ্ডৰ ঘটনা। পুৱতি নিশা এখন টায়াৰ দোকান আৰু হোটেল ভস্মীভূত হৈ ক্ষতিসাধন হয় লক্ষাধিক টকাৰ সা সম্পত্তি। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সন্দেহ। কাছাৰৰ কালাইনতো জুইত জাহ গ’ল ৪খন ব্যৱসায়িক প্ৰতিষ্ঠান। কালাইনতো অগ্নিকাণ্ডৰ কাৰণ হৈছে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট। ছিপাঝাৰৰ গভৰাত পাৰিবাৰিক কন্দলৰ ফলতে এজন লোকে বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ। ভাতৃৰ লগত কাজিয়াৰ ফলত এটা ঘৰ জ্বলাই দিয়ে পংকজ বৰা নামৰ লোকজনে। সৌভাগ্যক্ৰমে ৰক্ষা পৰি এগৰাকী মহিলা আৰু গো–ধন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...