বেংকত ঋণ দিয়াৰ নামত ধন আত্মসাৎ, দালাল ইমৰান আলীৰ বিৰুদ্ধে গোচৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দালালৰ বিৰূদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ পিছতো একাংশ দালালক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ চৰকাৰ তথা প্ৰশাসন। বেংকৰ ঋণ দিয়াৰ নামত বিভিন্ন ব্যক্তিৰ পৰা দালাল মৰান আলী ওৰফে বাবুমণিয়ে সৰকালে হাজাৰ হাজাৰ ধন। বৰপেটা জিলাৰ ইমৰান আলীয়ে ঠগ প্ৰবঞ্চনৰে সৰ্থেবাৰী, চেঙাৰ বিভিন্ন লোকৰ পৰা ঋণ দিয়াৰ প্ৰলোভনেৰে একো একোজন ব্যক্তিৰ পৰা ২০-৫০ হাজাৰলৈকে ধন সংগ্ৰহ কৰে। কিন্তু পৰিতাপৰ বিষয় ভুক্তভোগীসকলে সেই ঋণ আজিপৰ্যন্ত লাভ কৰা নাই। উপায়ন্তৰ হৈ অৱশেষত সৰ্থেবাৰী থানাত গোচৰ দিবলৈ বাধ্য হয় আমৃখোৱা গাঁৱৰ মল্লিকা বৰ্মনে।

অভিযোগ মতে, ষ্টেট বেংকত কৰ্মৰত বুলি পৰিচয় দিয়া প্ৰবঞ্চক ইমাৰান আলীয়ে মল্লিকা বৰ্মন, মনজিৎ বৰ্মন আৰু বাণীকান্ত বৰ্মনৰ পৰা বেংকৰ ঋণ দিয়াৰ খৰচৰ বাবদ সৰকাইছে অৰ্ধলক্ষাধিক টকা। অথচ ভুক্তভোগীয়ে আজি পৰ্যন্ত নাপালে বেংকৰ ঋণ, নাপালে ঋণ পোৱাৰ বাবদ দিয়া খৰছ। এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে এইসকল দালালৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইটো হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...