বেংকত ঋণ দিয়াৰ নামত ধন আত্মসাৎ, দালাল ইমৰান আলীৰ বিৰুদ্ধে গোচৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দালালৰ বিৰূদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ পিছতো একাংশ দালালক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ চৰকাৰ তথা প্ৰশাসন। বেংকৰ ঋণ দিয়াৰ নামত বিভিন্ন ব্যক্তিৰ পৰা দালাল মৰান আলী ওৰফে বাবুমণিয়ে সৰকালে হাজাৰ হাজাৰ ধন। বৰপেটা জিলাৰ ইমৰান আলীয়ে ঠগ প্ৰবঞ্চনৰে সৰ্থেবাৰী, চেঙাৰ বিভিন্ন লোকৰ পৰা ঋণ দিয়াৰ প্ৰলোভনেৰে একো একোজন ব্যক্তিৰ পৰা ২০-৫০ হাজাৰলৈকে ধন সংগ্ৰহ কৰে। কিন্তু পৰিতাপৰ বিষয় ভুক্তভোগীসকলে সেই ঋণ আজিপৰ্যন্ত লাভ কৰা নাই। উপায়ন্তৰ হৈ অৱশেষত সৰ্থেবাৰী থানাত গোচৰ দিবলৈ বাধ্য হয় আমৃখোৱা গাঁৱৰ মল্লিকা বৰ্মনে।

অভিযোগ মতে, ষ্টেট বেংকত কৰ্মৰত বুলি পৰিচয় দিয়া প্ৰবঞ্চক ইমাৰান আলীয়ে মল্লিকা বৰ্মন, মনজিৎ বৰ্মন আৰু বাণীকান্ত বৰ্মনৰ পৰা বেংকৰ ঋণ দিয়াৰ খৰচৰ বাবদ সৰকাইছে অৰ্ধলক্ষাধিক টকা। অথচ ভুক্তভোগীয়ে আজি পৰ্যন্ত নাপালে বেংকৰ ঋণ, নাপালে ঋণ পোৱাৰ বাবদ দিয়া খৰছ। এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে এইসকল দালালৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইটো হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...