অৱশেষত আৰক্ষীৰ জালত WANTED অভিমন্যু দাস

নেপাললৈ পলায়ো শেষৰক্ষা নহ’ল অভিমন্যু দাসৰ। বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা গোচৰত ফটো ভাইৰেল কাণ্ডৰ মুখ্য অভিযুক্ত অভিমন্যু দাসক আন এক গোচৰত গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। দেওবাৰে নিশা সৰুপথাৰৰ এখন ধাবাত সুৰা বিচাৰি নাপাই শূণ্যলৈ গুলীচালনা কৰিছিল অভিমন্যু দাসে। আৰক্ষীয়ে খেদি খেদি বাগৰিত গ্ৰেপ্তাৰ কৰে অভিমন্যু আৰু সহযোগীসকলক। আশ্চৰ্যজনকভাবে ইন্দ্ৰাণী তহবিলদাৰৰ গোচৰৰ তদন্তৰ পূৰ্বেই পলায়ন কৰিছিল অভিমন্যুৱে। পলাতক অভিমন্যুক আৰু বিচাৰি নাপালে আৰক্ষীয়ে। কিন্তু অজ্ঞাত শক্তিৰ আশীৰ্বাদত উভতি আহি অসম নাগালেণ্ড সীমান্তত কয়লা আৰু শিলৰ ব্যৱসায়ো আৰম্ভ কৰিছিল অভিমন্যুৱে।
আৰক্ষীলৈ ভয় নাই অভিমন্যু দাসৰ। মন গলেই চলাই গুলী। গুলীচালনা কৰি আৰক্ষীৰ জালত মষ্ট ৱাণ্টেড অভিমন্যু দাস। বিজেপি নেত্ৰীৰ আত্মহত্যাৰ পৰাই পলাই আছিল অভিমন্যু দাস। অভিমন্যুৰ সন্ধান উলিওৱাত ৮ মাহে ব্যৰ্থ হৈ আছিল আৰক্ষী।

মাত্ৰ NKTVৰ কেমেৰাৰ সন্মুখত বিস্ফোৰক স্বীকাৰোক্তি আছিল অভিমন্যু দাসৰ। বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ গোচৰত ফটো ভাইৰেল কাণ্ডৰ মূল অভিযুক্ত আছিল অভিমন্যু দাস। কেমেৰাৰ সন্মুখত মন্তব্য ৰাখি অভিমন্যু যি পলাল সেই অভিমন্যুক আৰু বিচাৰি নাপালে চানমাৰি আৰক্ষীয়ে। সেই সময়ত চানমাৰি আৰক্ষীয়ে ইন্দ্ৰানীৰ আত্মহত্যাৰ পিছতেই গ্ৰেপ্তাৰ কৰিছিল অনুৰাগ চলিহা–দিবন ডেকা–অসীম চক্ৰৱৰ্তী–ৰেখান্ত দাস–তৃষ্ণা শৰ্মাক। কিন্তু অভিমন্যুক বিচাৰি নাপালে আৰক্ষীয়ে। আৰক্ষীয়ে দাবী কৰিছিল নেপালত আত্মগোপন কৰিছে অভিমন্যুই। কিন্তু ৮ মাহ পিছত অন্য এটা গোচৰত সৰুপথাৰত গ্ৰেপ্তাৰ হ’ল অভিমন্যু। ৮ মাহত নিজৰ চেহেৰা সলনি কৰি পলাইছিল চতুৰ–চালাক অভিমন্যুই। আৰক্ষীৰ চকুত ধূলি দিবলৈ অভিমন্যুই দীঘল কৰিছিল চুলি, মুখত ৰাখিছিল দাড়ি–হাতত টেটো আৰু ওজন হ্ৰাস কৰিছিল অভিমন্যুই। NSCNৰ তত্ত্বাৱধানত চেহেৰা সলনি কৰি ধুৰন্ধৰ অভিমন্যু দাসে চলাই গৈছিল কয়লা–শিলৰ ব্যৱসায়। কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ। নাটকীয়ভাৱে কঁহৰা আৰক্ষীয়ে বাগৰিত খেদি খেদি ধৰিলে অভিমন্যু দাসক। সৰুপথাৰৰ ইকৰাণিৰ এখন ধাবাত সুৰা বিচাৰি গৈছিল অভিমন্যু দাসে। সুৰা নাপাই বিপণিৰ কৰ্মচাৰীৰে প্ৰথমে তৰ্কাতৰ্কি। পিছলৈ নিজৰ পকেটত থকা পিষ্টলটো উলিয়াই শূন্যলৈ গুলীচালনা কৰে অভিমন্যু দাসে। দুটাকৈ পিষ্টল আছে অভিমন্যু দাসৰ। এটা গুৱাহাটীৰ লাইচেঞ্চ আনটো মণিপুৰৰ লাইচেঞ্চ। ইতিমধ্যে অভিমন্যুৰ পিষ্টলৰ লাইচেঞ্চ বাতিল কৰিবলৈ পত্ৰ লিখিছে আৰক্ষীয়ে। সোমবাৰে সৰুপাথৰ আৰক্ষীয়ে অভিমন্যুসহ ৫ অভিযুক্তক ৪ দিনৰ জিম্মাত বিচাৰি আবেদন কৰিছে আদালতত। সৰুপথাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ ওকলাৰ পিছতে চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব অভিমন্যু দাসক। অভিমন্যুৰ বিৰুদ্ধে চানমাৰি থানাত ৰুজু হৈ আছে ৩১৮/২৩ নম্বৰত এটা গোচৰ। যিটো গোচৰ চানমাৰি থানাত ৰুজু কৰিছিল বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ স্বামী ৰিতেশ তহবিলদাৰে। কিন্তু প্ৰশ্ন হৈছে আৰক্ষীয়ে বিচাৰি নোপোৱা অভিমন্যুই কাৰ আশীৰ্বাদত অসমত চলাই গৈছিল ব্যৱসায়? কোনে অভিমন্যুক আত্মগোপন কৰাত সহায় কৰিছিল?

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...