ৰাজ্যৰ দুটা প্ৰান্তত দুটা চাঞ্চল্যকৰ হত্যাকাণ্ড

দুটাকৈ চাঞ্চল্যকৰ হত্যাকাণ্ড। ৰাজ্যৰ দুটা প্ৰান্তত সংঘটিত হোৱা হত্যাকাণ্ডৰ আঁৰত আছে অবৈধ প্ৰেম আৰু সুৰা। কিন্তু ক’ত কিদৰে ঘটিল এই ঘটনা?

প্ৰেম আৰু সুৰাই মাতিলে মৃত্যু
প্ৰেমৰ বাবে প্ৰাণ গ’ল স্বামীৰ
সুৰাৰ বাবে প্ৰাণ গ’ল পিতৃৰ

ৰাজ্যৰ দুটা প্ৰান্তত দুটা চাঞ্চল্যকৰ হত্যাকাণ্ড
ঘটনাৰ স্থান: কামপুৰ, পানীখাইটি

নগাঁৱৰ লুটুমাৰীৰ অমৰাপুৰত দেওবাৰে নিশা ৰহস্যজনক ভাবে মৃত্যু ঘটিল দীজেন স্বৰ্গীয়াৰী নামৰ এজন লোকৰ। স্থানীয় লোকৰ সন্দেহ পত্নীৰ পৰেকীয়া প্ৰেমৰ বাবেই হত্যা কৰা হ’ল লোকজন।

কাপোৰেৰে মেৰিয়াই মেৰিয়াই হত্যা কৰা দীজেন স্বৰ্গীয়াৰীক!
এই ঘটনাৰে জড়িত থকাৰ অভিযোগত দীজেনৰ পত্নী আৰু ভনী জোঁৱায়েকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
হত্যাত অভিযুক্ত কেশৱ দাসৰ লগত মৃত লোকজনৰ পত্নীৰ অবৈধ সম্পৰ্ক থকাৰ অভিযোগ। হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰো চেষ্টা চলা বুলি অভিযোগ উঠিছে। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে।

ইফালে গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত সংঘটিত হ’ল আন এক লোমহৰ্ষক ঘটনা।
যুৱকৰ হাতত প্ৰাণ গ’ল সুৰামত্ত পিতৃৰ
পানীখাইটিৰ চপাইডাঙত সংঘটিত হৈছে এই হত্যাকাণ্ড

পুত্ৰ প্ৰন্তুছ দাসৰ চিপৰাঙৰ কোবত প্ৰাণ গ’ল পিতৃ দয়া ভত্তাৰ। অভিযোগ উঠিছে অত্যধিক সুৰাপান কৰি পত্নীক আৰু পুত্ৰক মাৰপিট কৰে দয়া ভত্তাই। ইয়াকে লৈ পিতৃ-পুত্ৰৰ মাজত হতাহতি হয়। এটা সময়ত পুত্ৰই চিপৰাঙে পিতৃক প্ৰহাৰ কৰে ফলত দয়া ভত্তাৰ মৃত্যু হয়।

পিছত ঘটনাস্থলীত উপস্থিত হৈ ঘাতক প্ৰন্তুছ দাসক গ্ৰেপ্তাৰ কৰে পানীখাইতি আৰক্ষীয়ে। এই দুই ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীন মাষ্টাৰ্ছত সতৱিক-চিৰাগৰ খিতাপ জয়

ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সতৱিকছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শেট্টীয়ে...

UN Map Resolution-লৈ ভাৰতৰ সমৰ্থন, J&K-লাডাখক লৈ কিয় আপোচ নকৰে দিল্লীয়ে?

বিশ্বৰ মানচিত্ৰত দেশসমূহ আৰু মহাদেশসমূহৰ ভৌগোলিক আকাৰ অধিক সঠিকভাৱে...

মালা পিন্ধাবলৈ আগবাঢ়িল নেতা, উভতি আহি দেখিলে চেইন নাই!

বিহাৰৰ মুজাফ্ফৰপুৰত স্বাস্থ্য মন্ত্ৰী নিশান্ত কুমাৰৰ আদৰণি অনুষ্ঠানত সংঘটিত...

আন্তঃৰাষ্ট্ৰীয় তাৰকা নহয়, জন আব্ৰাহামৰ পছন্দ অসমৰ খেলুৱৈ!

বলিউড অভিনেতা তথা নৰ্থইষ্ট ইউনাইটেডৰ মালিক জন আব্ৰাহামে নিজৰ...