অসমৰ এগৰাকী মহিলাই মধ্যপ্ৰাচ্যত সৃষ্টি কৰিছে আলোড়নৰ

0 2,680

মটৰ চাইকেল লৈ মধ্যপ্ৰাচ্যত অকলে অভিযান এগৰাকী অসমীয়া মহিলাৰ
এখন বাইক লৈ ৬৭খন দেশ ঘূৰাৰ পৰিকল্পনা তেওঁৰ
ইতিমধ্যে ৬খন দেশত অকলে বাইক অভিযান সম্পূৰ্ণ কৰিছে তেওঁ
UAE, কাটাৰ, বাহৰেইন, ছৌদি আৰৱ, জৰ্দান ভ্ৰমণ সম্পূৰ্ণ মিনাক্ষী দাসৰ

অসমৰ এগৰাকী মহিলাই মধ্যপ্ৰাচ্যত সৃষ্টি কৰিছে আলোড়নৰ। অসমৰ পঞ্জীয়ন নম্বৰ থকা এখন বাইক লৈ অভিযান চলাইছে মধ্যপ্ৰাচ্যৰ এখনৰ পাছত এখন দেশত। এই অভিযানৰ বাবে দুমাহ পূৰ্বেই গুৱাহাটীৰ পাঞ্জাবাৰীৰ মিনাক্ষী দাস গৈ উপস্থিত হৈছিলগৈ ডুবাইত। ডুবাইৰ পৰা তেওঁ মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশ বাইকেৰে ভ্ৰমণ কৰি পুনৰ ডুবাইত উপস্থিত হৈছিলগৈ। মধ্যপ্ৰাচ্যৰ দেশসমূহত বাইকেৰে অকলে অভিযান চলাই অদম্য সাহসৰ পৰিচয় দিছে মিনাক্ষীয়ে।

ছৌদি আৰৱত কিছুদিন পূৰ্বেহে মহিলাক দিয়া হৈছে চালকৰ অনুজ্ঞাপত্ৰ
মিনাক্ষীয়ে সফলতাৰে বিশাল ছৌদি আৰৱত সম্পূৰ্ণ কৰিলে বাইক অভিযান
ছৌদি আৰক্ষীয়েও যথেষ্ট সহায় কৰিলে অসমৰ বাইকাৰ মিনাক্ষী দাসক

অসমৰ পঞ্জীয়ন থকা এখন মটৰ চাইকেল লৈ এগৰাকী মহিলাই অকলে মধ্যপ্ৰাচ্যৰ দেশসমূহত অভিযান চলাইছে। মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশৰ অধিকাংশ মহিলাই এতিয়াও থাকিবলগীয়া হয় বোৰ্খাৰ আঁৰত। সেয়েহে কিমান দুৰূহ আছিল এই অভিযান? কি অভিমত মিনাক্ষীৰ?

বিভিন্ন প্ৰান্তত বহু অচিনাকী ব্যক্তিয়ে সহায় কৰিছে মিনাক্ষীক
কোনোবাই দিছে আশ্ৰয়, কোনোবাই আকৌ ইন্ধন ভৰাই দিছে বাইকত

স্বামী আৰু এগৰাকী ১৪বছৰীয়া কন্যাক গুৱাহাটীত এৰি থৈ গৈছে মিনাক্ষী দাসে। যোৱা ১৬ ডিচেম্বৰত তেওঁৰ এই অভিযানৰ গুৱাহাটীত ফ্লেগঅফ হৈছিল।

এবছৰৰ বাবে ঘৰৰ পৰা বাইক লৈ ওলাই আহিছে মিনাক্ষী
ইৰানলৈ যোৱাত সমস্যা হোৱাৰ বাবে ডুবাইৰ পৰা জাহাজেৰে যাব ইৰানলৈ
ইউৰোপৰ বিভিন্ন দেশ ভ্ৰমণৰো পৰিকল্পনা সাহসী যুৱতীগৰাকীৰ

অদম্য সাহসৰ পৰিচয় দাঙি ধৰা মিনাক্ষীৰ এই অভিযান সফল হ’লে তেওঁৰ নাম খোদিত হ’ব লিমকা বুক অব ৰেকৰ্ডছত। মিনাক্ষীৰ এই অভিযান সফল হওক, আমাৰো থাকিল শুভেচ্ছা।

Leave A Reply

Your email address will not be published.