পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত লাগিল কলংকৰ দাগ

পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত লাগিল কলংকৰ দাগ। শেহতীয়াকৈ ৰাজ্যৰ একাংশ আৰক্ষীৰ অপৰাধ প্ৰৱণতাই স্তম্ভিত কৰিছে ৰাজ্যবাসীক। কিন্তু অসম আৰক্ষীৰ এই চৰিত্ৰ আজিৰ নহয়। দশক দশক ধৰি ভিন্ন অপকৰ্মৰে অসম আৰক্ষীয়ে গঢ়িছে কুখ্যাতি। তিনিচুকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত প্ৰমাণ আৰক্ষীৰ জঘন্য অপৰাধ। হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড উপ-পৰিদৰ্শকসহ ৬ আৰক্ষীক। ২০১৩ বৰ্ষৰ ৭ অক্টোবৰত ৬ আৰক্ষীয়ে সংঘটিত কৰিছিল এক লোমহৰ্ষক হত্যাকাণ্ড। অম্বিকাপুৰ বজাৰত আৰক্ষীৰ দলটোৱে অজিত সোণোৱাল লোকজনক কৰিছিল নিৰ্মম প্ৰহাৰ। বজাৰতেই নহয় ১৯ এ পি (আই আৰ) বেটেলিয়নৰ শিবিৰলৈ নি চলাইছিল বৰ্বৰোচিত অত্যাচাৰ। আৰক্ষীৰ দলটোৰ অত্যাচাৰত কৰুণ মৃত্যুক আকোঁৱালি লৈছিল অজিত সোণোৱালে। ২০১৩ বৰ্ষৰ ৯ অক্টোবৰত ন্যায় বিচাৰি গোচৰ তৰিছিল দুৰ্ভগীয়া মাতৃয়ে। অৱশেষত তিনিচুকীয়া জিলা আৰু সত্ৰ ন্যায়াধীশ দীপাংকৰ বৰা আদালতে দিলে ঐতিহাসিক ৰায়। হত্যাৰ গোচৰত আদালতে দোষী সাব্যস্ত কৰি ৬ আৰক্ষীক বিহিলে যাৱজ্জীৱন কাৰাদণ্ড। আৰক্ষী উপ-পৰিদৰ্শক বিশাল বড়োক যাৱজ্জীৱন কাৰাদণ্ড, হাবিলদাৰ আনন্দ কৰ্মকাৰকো যাৱজ্জীৱন কাৰাদণ্ড। কনিষ্টবল অনন্ত দুৱৰা, ভৰত গগৈ, গ্ৰীণ শইকীয়া, উৎপল কাকতিক শাস্তি আদালতৰ। গোচৰটোত আদালতে ২৩ লোকৰ সাক্ষ্য গ্ৰহণ কৰিছিল। ২৩জন লোকৰ ৯জনেই আছিল ঘটনাৰ প্ৰত্যক্ষদৰ্শী। সাক্ষ্য-প্ৰমাণ লাভৰ পাছতেই এই ৰায়দান আদালতৰ। পলমকৈ হ’লেও দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পোৱাত সুখী স্থানীয় ৰাইজ। সমান্তৰলকৈ উঠিল দৰিদ্ৰ পৰিয়ালটোক ক্ষতিপূৰণ তথা সংস্থাপনৰ দাবী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...