শাৰদীয় দুৰ্গোৎৱসলৈ মাজত মাত্ৰ ৪টা দিন, দুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যস্ততা

শাৰদীয় দুৰ্গোৎৱসলৈ মাজত মাত্ৰ ৪টা দিন
দুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যস্ততা
মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পী
পূজাথলী সমূহতো পাৰভঙা উচাহ
আটকধুনীয়া মণ্ডপেৰে ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণ কৰিবলৈ সাজু পূজা কমিটী

শাৰদীয় দুৰ্গোৎৱসলৈ মাজত মাথো ৪টা দিন। মহালয়াৰ দিনা ধৰালৈ আগমন হ’ল মহীষ মৰ্দিনী দেৱী দুৰ্গাৰ। দেৱীৰ আগমনৰ পাছতেই চৌদিশে চলিছে এতিয়া মাৰ বন্দনা। নৱৰাত্ৰি পালনেৰে শুভাৰম্ভ হৈছে দেৱীৰ পূজা। ৯টা দিন দেৱীৰ ৯টাকৈ ৰূপক কৰা হ’ব আৰাধনা। তাকে লৈ এতিয়া ব্যস্ততাৰ অন্ত নাই মৃৎ শিল্পীৰ পৰা সাধাৰণ লোকলৈ। আটকধুনীয়া মণ্ডপেৰে ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণ কৰিবলৈ সাজু পূজা কমিটীসমূহ। সমান্তৰালকৈ মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত খনিকৰসকল। শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যজুৰি ব্যস্ততা। এইয়া নগাঁও জিলাৰ চামগুৰিৰ পৰিৱেশ। মা দুৰ্গাৰ মৃন্ময় প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত গটঙাৰ মৃৎ-শিল্পী সকল। অত্যাধুনিক কৌশলেৰে সজাই-পৰাই আটকধুনীয়া কৰি তুলিছে প্ৰতিমাসমূহ।

আমিনগাঁও ইনিষ্টিটিউট কলনীত আকৰ্ষৰ্ণীয় ৰূপত সজোৱা হৈছে এখন বিশেষ পূজা মণ্ডপ। এদল স্কুলীয়া কণ কণ শিক্ষাৰ্থীয়ে ক্ৰাফটৰ জৰিয়তে ডিজাইন কৰিছে পূজা মণ্ডপখন। বিভিন্ন ডিজাইনেৰে আকৰ্ষণীয় হৈ পৰিছে পূজা মণ্ডপখন।

ইপিনে গুৱাহাটী মহানগৰীৰ পাণ্ডু ৰেষ্টকেম্প কালীবাৰীত পূজাৰ বিশেষ আয়োজন। একুৰিয়ামৰ থীম লৈ এইবাৰ বিশাল মণ্ডপ পাণ্ডু ৰেষ্টকেম্পত। অত্যাধুনিক পোহৰসজ্জাৰে চমক দিবলৈ সাজু পাণ্ডু ৰেষ্টকেম্প কালীবাৰী পূজা কমিটী।

ৰাজ্যৰ দ্বিতীয় শক্তিপীঠ স্থান কোকৰাঝাৰ জিলা আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী বগৰীবাৰীৰ ঐতিহাসীক মা মহামায়া ধামতো দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি। মা মহামায়া ধামৰ পূজাত নাথাকে মৃন্ময় মূৰ্তি। বিগত ৪০০ বছৰে ঘট পূজা কৰিয়ে আৰাধনা কৰি আহিছে দেৱী মা দুৰ্গাক।

নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়তো আৰম্ভ দুৰ্গা পূজাৰ ৰীতি-নীতি। আজিৰে পৰা দহদিনীয়াকৈ অনুষ্ঠিত হৈছে শক্তিৰ দেৱীৰ পূজা। ৪৫ লাখ টকা বাজেটৰে এইবেলি উদযাপন কৰা হব দুর্গা পূজা । দুর্গা পূজাৰ প্ৰতিটো দিনতে চলিব দেৱালয় খনত বলি বিধান। মহা নৱমীত দিয়া হ’ব ৬১ টাকৈ মহ বলি।

ইপিনে ৰহাত কেদাৰনাথ মন্দিৰৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে এখন দুৰ্গা পূজাৰ মণ্ডপ। ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া ৰহা পুৰণা চাৰিআলি দুৰ্গা পূজা উদযাপন সমিতিয়ে নিৰ্মাণ কৰিছে এই আকৰ্ষণীয় পূজা মণ্ডপ।

দৰঙৰ খাৰুপেটীয়াতো শেষ পৰশ দিয়াত ব্যস্ত শিল্পী সকল। দৰঙৰ বিভিন্ন পূজামণ্ডপলৈ এই কাৰখানাৰ পৰাই লৈ যোৱা হ’ব সুন্দৰ সুন্দৰ মূৰ্তি সমূহ।

ইফালে গোৱালপাৰা জিলাৰ দৰংগিৰিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ৰাৱণ দাহন কাৰ্যসূচী। দৰংগিৰি টিলাপাৰা খাৰিজা দুৰ্গা পূজা পৰিচালনা সমিতিয়ে নিৰ্মাণ কৰিছে প্ৰায় ৪৫ ফুট উচ্চতাৰ ৰাৱণটো।

এনেদৰে এতিয়া শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। উলহ-মালহেৰে শক্তিদায়ীনী মা দুৰ্গাক পূজিবলৈ সাজু হৈছে ভক্তগণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...