কাইলৈৰ পৰা বৃদ্ধি হ’ব একাধিক ঔষধৰ মূল্য!

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সৈতে যুঁজি থকা গ্ৰাহকসকলে এতিয়াৰে পৰা আগতকৈ অধিক মূল্যত ক্ৰয় কৰিব লাগিব ঔষধ। ১ এপ্ৰিলৰ পৰা বহুতো অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি হ’ব। লগতে ব্যয়বহুল জ্বৰ-কাহ আৰু বিষৰ চিকিৎসাৰো।

যিসমূহ ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছে সেইসমূহ ঔষধক অত্যাৱশ্যকীয় ঔষধৰ শ্ৰেণীত ধৰা হয়। আৰু লগতে ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ঔষধৰ তালিকাৰ অধীনতো পৰে। এণ্টিবায়টিক, চৰ্দি-কাহৰ ঔষধ, কাণ-নাক আৰু ডিঙিৰ ঔষধ, এণ্টিচেপ্টিক, গেছৰ ঔষধ আৰু এণ্টিফাংগাল ঔষধৰ লগতে ৮০০ৰো অধিক ঔষধৰ মূল্য বৃদ্ধি হ’ব। এই ঔষধসমূহৰ মূল্য ১ এপ্ৰিলৰ পৰা ১০.৭৬ শতাংশ বৃদ্ধি পাব।

জ্বৰৰ বাবে আটাইতকৈ ব্যৱহৃত পেৰাচিটামলও এতিয়া হ’ব ব্যয়বহুল। এজিথ্ৰোমাইচিন, এণ্টি-এনিমিক প্ৰিচাপ্ৰেচন আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ চিকিৎসাত ব্যৱহৃত খনিজ পদাৰ্থ আদিৰো অন্তৰ্ভুক্ত কৰা হ’ব। ঔষধৰ মূল্য বৃদ্ধিৰ মূল কাৰণ হিচাপে বিবেচিত হৈছে – পাইকাৰী মুদ্ৰাস্ফীতি। তথ্য অনুসৰি, পাইকাৰী মুদ্ৰাস্ফীতিৰ ওপৰত আধাৰিত পাইকাৰী মূল্য সূচক (ডব্লিউপিআই) এবছৰ আগৰ তুলনাত ২০২১চনত ১০.৭৬ শতাংশ সলনি হৈছে।

কাৰ্ডিঅ’-ভাস্কুলাৰ, ডায়েবেটিচ, এণ্টিবায়টিক, এণ্টি-ইনফেকটিভ আৰু ভিটামিন আদি প্ৰস্তুত কৰিবৰ বাবে বেছিভাগ ফাৰ্মা উপাদান চীনৰ পৰা আমদানি কৰা হয়, আৰু এই সমূহ কেঁচা সামগ্ৰীৰ বাবে চীনৰ ওপৰত নিৰ্ভৰশীলতা ৮০-৯০%। ২০২০চনত চীনত মহামাৰী বিয়পি পৰাৰ পিছত, ব্যাপক পৰিমাণৰ যোগান ব্যাহত হোৱাৰ বাবে ঘৰুৱা কোম্পানীবোৰে কেঁচা সামগ্ৰী সমূহ অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হৈছিল। যাৰ প্ৰভাৱ বৰ্তমান দেশৰ জনসাধাৰণে ভুগিবলগীয়া হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...