তালিবানক লৈ আশ্বস্ত হ’ব পৰা নাই আফগান নাগৰিক

আফগান চৰকাৰক ওফৰাই সমগ্ৰ আফগানিস্তান দখল কৰাৰ পিছত এতিয়া শংকিত সমগ্ৰ বিশ্ব। ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ পলায়নৰ পিছতে দেশখনত আৰম্ভ হৈছে তালিবানীৰাজ। আফগানিস্তানৰ চৌদিশে এতিয়া আতংক আৰু শংকা। প্ৰায় জনশূণ্য হৈ পৰিছে ৰাজধানী কাবুলৰ বাটপথ। আফগানিস্তানত পুনৰ তালিবানৰ নৃশংসতাক স্মৰণ কৰি শংকিত হৈ পৰিছে দেশবাসী। ইয়াৰ লগে লগে চিন্তিত বিদেশী ৰাষ্ট্ৰৰ আফগানিস্তানত থকা নাগৰিকসকলো। ইতিমধ্যে ভাৰতকে ধৰি বিভিন্ন দেশে আফগানিস্তানৰ পৰা নিজৰ দেশৰ নাগৰিকসকলক নিৰাপদে স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আজি পুৱা ৰাজধানী কাবুলৰ পৰা ১৪০জন ভাৰতীয় নাগৰিকক লৈ এখন বিশেষ বিমান গুজৰাটৰ জামনগৰত অৱতৰণ কৰে। আমেৰিকা, বৃটেইন আদিকে আন কেবাখনো দেশেও তেওঁলোকৰ নাগৰিকসকলক আফগানিস্তানৰ পৰা ঘূৰাই নিয়াৰ ব্যৱস্থা কৰিছে। ইপিনে তালিবানৰ আমোলত দেশখনৰ সাধাৰণ নাগৰিকসকলো নিজৰ ভৱিষতকলৈ শংকিত হৈ পৰিছে। একাংশ লোকে তালিবানৰ শাসনক স্বীকাৰ কৰি লবলৈ সাজু হৈছে যদিও আন একাংশই প্ৰাণৰ আশংকাত দেশ এৰি পলায়ন কৰিবলৈ সাজু হৈছে। দেওবাৰে নিশাৰে পৰা কাবুল বিমানকোঠত হেজাৰ হেজাৰ লোকে ভিৰ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰিবলৈও বাধ্য হৈছে। অশান্ত আফগানিস্তানত এতিয়া নিৰাপত্তা বুলিবলৈ একো নাইকীয়া হৈছে। আমেৰিকাই ইতিমধ্যে স্পষ্ট কৰি দিছে যে মাৰ্কিন সেনা অপসাৰণৰ বাবেই আফগানিস্তানৰ আজি এই অৱস্থা হোৱা বুলি বিভিন্ন মহলে অভিযোগ কৰিছে যদিও ইয়াৰ কোনো ভিত্তি নাই। কিয়নো মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ মতে আমিৰকাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈহে সেনা নিয়োগ কৰিছিল, আফগানিস্তানক গঢ় দিবলৈ নহয়। ইয়াৰ পিছতে অধিক শংকিত হৈ পৰিছে আফগান নাগৰিকসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...