১২৮ বছৰ অতিক্ৰম কৰিলে পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহে

১২৮ বছৰ অতিক্ৰম কৰিলে পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহে । ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰঙৰ পথৰুঘাটত মাটিৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে কৰা প্ৰতিবাদত বৃটিছে কৃষকৰ ওপৰত গুলীচালনা কৰিছিল। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়। হিন্দু-মুছলমান নিৰ্বিশেষে এই বিদ্ৰোহত থিতাতে নিহত হৈছিল ১৪০ জন কৃষকৰ আৰু আহত হৈছিল ১৫০ জন লোক। এই ঘটনাই ভাৰতৰ স্বাধীনতা সংগ্ৰামক দিছিল এক নতুন মাত্ৰা।

নিৰপৰাধী কৃষক ৰাইজক অতি নিৰ্মম ভাবে এনেদৰে কৰা হত্যাই বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম জোৰদাৰ কৰি তুলিছিল। পথৰুঘাটৰ কৃষক ৰাইজৰ এই চৰম ত্যাগ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বুৰঞ্জীত এক অবিস্মৰণীয় অধ্যায়। পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহৰ ১২৮ বছৰত আজি দৰঙত অনুষ্ঠিত হ’ব বিশেষ কাৰ্যসূচীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...