ভুৱা TRP গোচৰ: অভিযোগনামাত অভিযুক্ত হিচাপে নামাকৰণ অৰ্ণব গোস্বামীক

গুৱাহাটী, ২২ জুন, NKTV: মুম্বাই আৰক্ষীয়ে মঙলবাৰে আদালতত দাখিল কৰা দ্বিতীয় অভিযোগপত্ৰত টিআৰপি (টেলিভিছন ৰেটিং পইণ্ট) কেলেংকাৰীৰ অভিযুক্ত হিচাপে জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামী আৰু ৰিপাব্লিক গ্ৰুপৰ দুটা চেনেলৰ কিছু কৰ্মচাৰীৰ নাম উল্লেখ কৰিছে।

গোচৰটোৰ তদন্ত কৰি থকা আৰক্ষীৰ অপৰাধ চোৰাংচোৱা গোট (Crime Intelligence Unit (CIU)ৰ দ্বাৰা দণ্ডাধীশৰ আদালতত ১,৯১২ পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰা হৈছিল।

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গোস্বামী আৰু ৰিপাব্লিক টিভি চেনেলটো পৰিচালনা কৰা এআৰজি আউটলাইৰ মিডিয়াৰ উপৰিও আৰক্ষীয়ে নতুন অভিযোগপত্ৰত Maha Movie channel, ৰিপাব্লিক নিউজ আৰু ৰিপাব্লিক ভাৰতৰ কেইজনমান কৰ্মচাৰীকে ধৰি আন পাঁচজন অভিযুক্তৰ নাম উল্লেখ কৰিছে।

যোৱা বছৰ নৱেম্বৰত দাখিল কৰা গোচৰটোৰ প্ৰথম অভিযোগপত্ৰখনত BARCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ দাসগুপ্তা আৰু ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া বিকাশ খানচান্দনীৰ নাম উল্লেখ কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...