নেপালত নিষিদ্ধ ফেচবুক, ইউটিউব, X হেণ্ডেল; তেজেৰে ৰাঙলী হ’ল কাঠমাণ্ডুৰ ৰাজপথ

নেপালৰ ৰাজধানী কাঠমাণ্ডু ছাত্ৰ-যুৱকৰ বিক্ষোভত উত্তাল হৈ পৰিছে। নেপালৰ সংবাদমাধ্যম ‘কাঠমাণ্ডু পোষ্ট’ৰ খবৰ অনুসৰি, আৰক্ষীৰ গুলীত এতিয়ালৈকে ১৪ জনৰ মৃত্যু হৈছে আৰু কমেও ২০০ জন আহত হৈছে। সোমবাৰে পুৱা কাঠমাণ্ডুৰ বাণেশ্বৰ অঞ্চলত বিক্ষোভ আৰম্ভ হয়। শেহতীয়াকৈ নেপাল চৰকাৰে ফেচবুক, হোৱাটছএপ, এক্সকে ধৰি ২৬টা সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই সিদ্ধান্তৰ বিৰুদ্ধে পুৱাৰ পৰা প্ৰতিবাদ আৰম্ভ হয়। আৰু ইয়াৰ পিছতে পৰিস্থিতি স্থানীয় আৰক্ষী-প্ৰশাসনৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায়। বিক্ষোভকাৰী ছাত্ৰ-যুৱকৰ এটা অংশই বেৰিকেড ভাঙি নেপালৰ সংসদ ভৱনত সোমাই পৰে। প্ৰতিবাদীসকলক ছত্ৰভঙ্গ দিয়াবলৈ আৰক্ষীয়ে শূণ্যলৈ গুলী চলায় আৰু ৰবৰৰ গুলীও ব্যৱহাৰ কৰে। কাঠমাণ্ডুৰ গুৰুত্বপূৰ্ণ স্থানসমূহত কাৰ্ফিউ জাৰি কৰা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা মোতায়েন কৰা হৈছে।

এই প্ৰতিবাদৰ নেতৃত্বত আছে নেপালৰ ‘জেন জি’, অৰ্থাৎ তৰুণ প্ৰজন্ম। সোমবাৰৰ বিক্ষোভতো স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক সন্মুখৰ শাৰীত দেখা গৈছে। কিন্তু কেৱল সামাজিক মাধ্যমৰ নিষেধাজ্ঞাৰ বাবেই এই প্ৰতিবাদ বুলি সকলোৱে ধাৰণা নকৰে। কাৰণ, নেপালৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কেইবাদিন ধৰি দুৰ্নীতিৰ অভিযোগ উঠি আহিছে। দেশত আৰ্থিক বৈষম্যৰ বাবেও ছাত্ৰ-যুৱকৰ মাজত ক্ষোভ বাঢ়িছিল। ধাৰণা কৰা হৈছে, আগতীয়াকৈ জমা হোৱা ক্ষোভৰ বহিঃপ্ৰকাশ এয়া। নেপাল চৰকাৰৰ দাবী, দেশক সুৰক্ষিত ৰাখিবলৈ সামাজিক মাধ্যমৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিন্তু বিক্ষোভকাৰীসকলৰ দাবী, বিৰোধীৰ কণ্ঠ দমন কৰাৰ বাবেই চৰকাৰে এই পদক্ষেপ লৈছে।

বিগত ২৮ আগষ্টত নেপাল চৰকাৰে জনাইছিল যে, সামাজিক মাধ্যমসমূহে ৭ দিনৰ ভিতৰত চৰকাৰী নথিত নাম নথিভুক্ত কৰাব লাগিব। ৩ আগষ্টত সেই সময়সীমা শেষ হয়। অধিকাংশ সামাজিক মাধ্যমে চৰকাৰৰ নিৰ্দেশ পালন কৰা নাছিল। ৪ আগষ্টত ফেচবুক, এক্স, হোৱাটছএপকে ধৰি ২৬টা সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হয়। যুৱ সমাজৰ মাজত ক্ষোভৰ উদগীৰণ দেখা পাই নেপালৰ বিভিন্ন অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল চৰকাৰে। কিন্তু টিকটকৰ ওপৰত নিষেধাজ্ঞা নথকাৰ বাবে প্ৰতিবাদীসকলে ইয়াৰ জৰিয়তে পৰস্পৰে যোগাযোগ বৃদ্ধি কৰিছিল।

আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ পিছত আন্দোলনৰ উদ্যোগ লোৱাসকলে এটা সাৱধানীমূলক বিবৃতি জাৰি কৰিছে। তাত কোৱা হৈছে যে, সংসদ ভৱনত সোমাই পৰা লোকসকলৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই। এটা নিৰ্দিষ্ট স্থানৰ নাম উল্লেখ কৰি বিবৃতিত কোৱা হৈছে যে, সেই স্থানৰ পিছত মিছিল আগবঢ়োৱাৰ কোনো পৰিকল্পনা নাছিল। তথাপিও যিসকলে আৰক্ষীৰ বেৰিকেড ভাঙি আগবাঢ়িছিল, তেওঁলোকক উদ্যোক্তাসকলে স্বীকৃতি নিদিয়ে বুলি জনাইছে।

বিগত মাৰ্চ মাহত নেপালত ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠাৰ দাবীত কাঠমাণ্ডুত বিক্ষোভ আৰম্ভ হৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা মোতায়েন কৰিব লগা হৈছিল। সেই বিক্ষোভৰ ছমাহ নৌহওঁতেই নেপালত পুনৰ অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছে। ২০০৮ চনৰ মে’ মাহত সংবিধান সংশোধন কৰি ২৪০ বছৰৰ পুৰণি ৰাজতন্ত্ৰ ভাঙি নেপালত গণতান্ত্ৰিক শাসনব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছিল। ২০১৫ চনত নতুন ‘ধৰ্মনিৰপেক্ষ’ সংবিধানৰ অনুমোদন হৈছিল। বিগত ১৭ বছৰত ‘গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ’ নেপালত ১৩ বাৰ চৰকাৰ সলনি হৈছে। তথাপিও হিমালয়ৰ কোলাত থকা ভাৰতৰ এই প্রতিবেশী দেশখনত শান্তি আৰু স্থিৰতা দীৰ্ঘস্থায়ী হোৱা নাই। বৰ্তমান নেপালত ক্ষমতাত আছে কমিউনিষ্ট পাৰ্টি অৱ নেপাল (ইউএমএল)-ৰ নেতা অলি, যি ‘চীনপন্থী’ হিচাপে পৰিচিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...