MiG-21ৰে পাকিস্তানী F-16 ভূপতিত কৰা অভিনন্দনৰ নতুন ইনিংছ আৰম্ভ

২০১৯ৰ ভাৰত-পাকিস্তানৰ আকাশী সংঘৰ্ষত পাকিস্তানৰ F-16 ভূ-পতিত কৰি চৰ্চালৈ অহা বীৰচক্ৰ সন্মানপ্ৰাপ্ত পাইলট অভিনন্দন বৰ্দ্ধমান ভাৰতীয় বায়ুসেনাৰ পৰা আগতীয়া অৱসৰ লৈ নতুন কেৰিয়াৰ আৰম্ভ কৰিছে।

PTIৰ প্ৰতিবেদন অনুসৰি, ২২ বছৰ বায়ুসেনাত সেৱা আগবঢ়োৱাৰ পাছত প্ৰাক্তন Group Captain অভিনন্দনে গোৱাভিত্তিক আঞ্চলিক বিমান সংস্থা FLY91ত বাণিজ্যিক পাইলট হিচাপে যোগদান কৰিছে। প্ৰতিবেদন অনুসৰি, তেওঁ আগষ্ট মাহতে বিমান সংস্থাটোত যোগদান কৰে।

অৱশ্যে, অভিনন্দনে এই সন্দৰ্ভত এতিয়ালৈকে কোনো ৰাজহুৱা মন্তব্য কৰা নাই। FLY91-এও কৰ্মচাৰীৰ ব্যক্তিগত তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে।

২০১৯ৰ সেই ঐতিহাসিক সংঘৰ্ষত অভিনন্দনে MiG-21 Bisonৰে পাকিস্তানৰ F-16 যুদ্ধবিমান ভূপতিত কৰিছিল। কিন্তু তাৰ পাছতে তেওঁৰ বিমানখনো ক্ষতিগ্ৰস্ত হৈ তেওঁ পাকিস্তানত অৱতৰণ কৰে আৰু তিনিদিন বন্দী হৈ থাকে। ১ মাৰ্চত তেওঁ ভাৰতলৈ উভতি আহে।

সাহসিকতাৰ স্বীকৃতি হিচাপে সেই বছৰতে তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ যুদ্ধকালীন বীৰত্বৰ পদক বীৰচক্ৰ প্ৰদান কৰা হয়।

এতিয়া যুদ্ধবিমানৰ ককপিটৰ পৰা বাণিজ্যিক বিমানৰ ককপিটলৈ—অভিনন্দন বৰ্দ্ধমানে আৰম্ভ কৰিছে তেওঁৰ কেৰিয়াৰৰ এক নতুন অধ্যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিলা আয়ুক্তলৈ অশ্লীল বাৰ্তা প্ৰেৰণৰ অভিযোগত TVKৰ বিধায়ক অৰুল বিগনেশক গ্ৰেপ্তাৰ

তামিলনাডুত এগৰাকী মহিলা IAS বিষয়াক অশ্লীল বাৰ্তা প্ৰেৰণ আৰু...

জনতা ভৱনৰ বিষয়া-কৰ্মচাৰীৰ সাজ-পোছাক সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি

অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে দিছপুৰৰ জনতা ভৱনত কৰ্মৰত...

৭ বছৰৰ আইনী যুঁজৰ অন্তত Jet Airwaysৰ কৰ্মচাৰীলৈ বৃহৎ সকাহ, ৪৮০ কোটি টকাৰ PF আৰু গ্ৰেচুইটিৰ ধন মুকলি

বন্ধ হৈ যোৱা বিমান সংস্থা Jet Airwaysৰ প্ৰাক্তন কৰ্মচাৰীসকলৰ...