বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈক জৰিমনাসহ কাৰাদণ্ড

বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈক জৰিমনাসহ কাৰাদণ্ড। ২০০৯ বৰ্ষৰ এটা গোচৰত আজি গোলাঘাট অতিৰিক্ত জিলা ‌ও সত্ৰ ন্যায়ধীশ কৌশিক হাজৰিকাৰ আদালতে বিধায়ক জীতেন গগৈৰ লগতে থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীক দোষী সাব্যস্ত কৰে।
এসময়ত নিজকে কাজিৰঙাৰ ৰজা হিচাপে চিনাকী দিয়া প্ৰাক্তন বিধায়ক জীতেন গগৈ, কুশল দুৱৰীসহ পাঁচজনক গোলাঘাট আদালতৰ কাৰাদণ্ড৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰভাৱে মাছ মৰাৰ অপৰাধৰ গোচৰ তৰিছিল ৰেঞ্জাৰ ডম্বৰুধৰ বড়োৱে৷ গোলাঘাটৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশৰ প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ ৰায়দান৷
গোলাঘাটৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশৰ কৌশিক হাজৰিকা ন্যায়ধীশৰ এক গুৰুত্বপূৰ্ণ ৰায়দান৷ দুই প্ৰাক্তন বিধায়ক জীতেন গগৈ আৰু কুশল দুৱৰীৰ লগতে তিনিগৰাকী লোকক ২ বছৰৰ কাৰাদণ্ডৰ লগতে ৫ হাজাৰকৈ জৰিমনা বিহে। ২০০৯ চনৰ ১৭ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখ ফৰেষ্ট গেটেদি প্ৰাক্তন বিধায়কদ্বয় জীতেন গগৈ আৰু কুশল দুৱৰীসহ এটা দলে তিনিখন জীপচী লৈ অনাধিকাৰ প্ৰবেশ কৰি ঘিলাধাৰি ডুবিত মাছ মৰাৰ সময়ত ফৰেষ্ট ৰেঞ্জাৰ ধৰণীধৰ বড়োৱে বাধা দিওঁতে বিধায়ক জীতেন গগৈৰ নেতৃত্বত যোৱা দলটোৱে AK 47 বন্দুকেৰে ৰেঞ্জাৰগৰাকীক ভাবুকি দিছিল। যাৰ ফলত এই ঘটনাৰ লগে লগে গোচৰ তৰিছিল সেই সময়ৰ ৰেঞ্জাৰ ধৰণীধৰ বড়োৱে৷ আজি গোলাঘাটৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশৰ গোচৰৰ ভিত্তিত ২৭/৩৫ B ধাৰাত বন্যপ্ৰাণী সুৰক্ষা আইনৰ ৫১ (১) ৰ অধীনত আদালতে শাস্তি প্ৰদান কৰে৷ সেই গোচৰৰ ভিত্তিত প্ৰাক্তন বিধায়ক জীতেন গগৈ আৰু কুশল দুৱৰীৰ লগতে তৰুন বৰা, ডম্বৰুধৰ গগৈ আৰু বাবু গগৈকো মহামান্য আদালতে শাস্তি বিহে৷ ইফালে ন্যায়ালয়ে দোষী সাব্যস্ত কৰা বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি উল্লেখ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে দিলে ভাল খবৰ

টকা খৰচ কৰি এতিয়া আৰু আপুনি কিনিব নালাগে মোবাইল।...

১৪ বছৰ বয়সত কিদৰে নিজকে IPLৰ বাবে যোগ্য কৰি তুলিছিল বৈভৱ সূৰ্যবংশীয়ে?

বিহাৰৰ সমষ্টিপুৰৰ ১৪ বছৰীয়া ক্ৰিকেট প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে আই...

ৰাজ্যত মৰেল পুলিচিঙৰ ভয়াৱহ ঘটনা

ৰাজ্যত মৰেল পুলিচিঙৰ ভয়াৱহ ঘটনা। লাহোৱালত দলবদ্ধ আক্ৰমণত প্ৰাণ...

ছিপাঝাৰত প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা

ছিপাঝাৰত প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এগৰাকী মহিলা। মাটি...