বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈক জৰিমনাসহ কাৰাদণ্ড

বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈক জৰিমনাসহ কাৰাদণ্ড। ২০০৯ বৰ্ষৰ এটা গোচৰত আজি গোলাঘাট অতিৰিক্ত জিলা ‌ও সত্ৰ ন্যায়ধীশ কৌশিক হাজৰিকাৰ আদালতে বিধায়ক জীতেন গগৈৰ লগতে থাওৰাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীক দোষী সাব্যস্ত কৰে।
এসময়ত নিজকে কাজিৰঙাৰ ৰজা হিচাপে চিনাকী দিয়া প্ৰাক্তন বিধায়ক জীতেন গগৈ, কুশল দুৱৰীসহ পাঁচজনক গোলাঘাট আদালতৰ কাৰাদণ্ড৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰভাৱে মাছ মৰাৰ অপৰাধৰ গোচৰ তৰিছিল ৰেঞ্জাৰ ডম্বৰুধৰ বড়োৱে৷ গোলাঘাটৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশৰ প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ ৰায়দান৷
গোলাঘাটৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশৰ কৌশিক হাজৰিকা ন্যায়ধীশৰ এক গুৰুত্বপূৰ্ণ ৰায়দান৷ দুই প্ৰাক্তন বিধায়ক জীতেন গগৈ আৰু কুশল দুৱৰীৰ লগতে তিনিগৰাকী লোকক ২ বছৰৰ কাৰাদণ্ডৰ লগতে ৫ হাজাৰকৈ জৰিমনা বিহে। ২০০৯ চনৰ ১৭ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখ ফৰেষ্ট গেটেদি প্ৰাক্তন বিধায়কদ্বয় জীতেন গগৈ আৰু কুশল দুৱৰীসহ এটা দলে তিনিখন জীপচী লৈ অনাধিকাৰ প্ৰবেশ কৰি ঘিলাধাৰি ডুবিত মাছ মৰাৰ সময়ত ফৰেষ্ট ৰেঞ্জাৰ ধৰণীধৰ বড়োৱে বাধা দিওঁতে বিধায়ক জীতেন গগৈৰ নেতৃত্বত যোৱা দলটোৱে AK 47 বন্দুকেৰে ৰেঞ্জাৰগৰাকীক ভাবুকি দিছিল। যাৰ ফলত এই ঘটনাৰ লগে লগে গোচৰ তৰিছিল সেই সময়ৰ ৰেঞ্জাৰ ধৰণীধৰ বড়োৱে৷ আজি গোলাঘাটৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশৰ গোচৰৰ ভিত্তিত ২৭/৩৫ B ধাৰাত বন্যপ্ৰাণী সুৰক্ষা আইনৰ ৫১ (১) ৰ অধীনত আদালতে শাস্তি প্ৰদান কৰে৷ সেই গোচৰৰ ভিত্তিত প্ৰাক্তন বিধায়ক জীতেন গগৈ আৰু কুশল দুৱৰীৰ লগতে তৰুন বৰা, ডম্বৰুধৰ গগৈ আৰু বাবু গগৈকো মহামান্য আদালতে শাস্তি বিহে৷ ইফালে ন্যায়ালয়ে দোষী সাব্যস্ত কৰা বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি উল্লেখ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...