শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ বিৱৰণ

মন্দিৰটো পৰম্পৰাগত নাগৰ শৈলীত নির্মাণ কৰা হৈছে।

মন্দিৰৰ দৈর্ঘ্য (পূর্ব-পশ্চিম) ৩৮০ ফুট, প্রস্থ ২৫০ ফুট আৰু উচ্চতা ১৬১ ফুট।

তিনিমহলীয়া মন্দিৰৰ, প্ৰতিটো মহলাৰ উচ্চতা ২০ ফুট, মুঠ ৩৯২ টা স্তম্ভ, ৪৪ খন দুৱাৰ।

তলৰ মহলা গর্ভগৃহ ভগৱান শ্ৰী ৰামৰ শিশু ৰূপৰ (শ্ৰী ৰামলালা) মূর্তি, প্রথম মহলা হৈছে গর্ভগৃহ – শ্ৰীৰাম দৰবাৰ।

মুঠতে পাঁচটা মণ্ডপ আছে নৃত্য মণ্ডপ, ৰংগ মণ্ডপ, সভা গৃহ, প্রার্থনা মণ্ডপ, কীর্তন মণ্ডপ।

স্তম্ভৰ লগতে বেৰবোৰত দেৱ-দেৱীৰ মূর্তি তথা দেৱগণৰ মূৰ্তি অংকিত কৰা আছে।

প্ৰৱেশৰ পূৱত ৩২ টা চিৰিৰ (উচ্চতা ১৬.৫ ফুট) ওপৰৰ ফালেৰে সিংহদ্বাৰ আছে।

বিকলাঙ্গ ব্যক্তি আৰু বৃদ্ধসকলৰ বাবে ৰেম্প আৰু লিফটৰ ব্যৱস্থা আছে।

চাৰিওফালে আয়তাকাৰ ক্ষেত্ৰখনত দৈর্ঘ্য ৭৩২ মিটাৰ, প্ৰন্থ ৪.২৫ মিটাৰ, ক্ষেত্ৰখনৰ চাৰিকোণত চাৰিটা মন্দিৰ হৈছে ভগৱান সূর্য, শংকৰ, গণপতি, দেৱী ভগৱতী, উদ্যানৰ দক্ষিণ ফালে হনুমান আৰু উত্তৰ ফালে অন্নপূর্ণা মাতাৰ মন্দিৰ।

মন্দিৰৰ ওচৰত পৌৰাণিক কালৰ সীতা কুণ্ড আছে।

শ্ৰী ৰাম জন্মভূমি মন্দিৰ চৌহদত প্রস্তাৱিত অন্যান্য মন্দিৰবোৰ হৈছে: মহর্ষি বাল্মীকি, মহর্ষি বশিষ্ঠ, মহর্ষি বিশ্বমিত্র, মহর্ষি আগস্ত্য, নিশাদৰাজ গুহ, মাতা শৱৰী আৰু দেৱী অহল্যা।

দক্ষিণ-পশ্চিম অংশৰ নৱৰত্ন কুবেৰ টিলাত অৱস্থিত শিৱ মন্দিৰৰ নৱীকৰণ আৰু ৰামভক্ত জটায়ু ৰাজৰ প্ৰতিমূর্তি স্থাপন কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...