আৰম্ভ হ’ল ইউৰো কাপ ২০২৪, শক্তিশালী জাৰ্মানীৰ হাতত পৰাস্ত স্কটলেণ্ড

আৰম্ভ হ’ল ইউৰো কাপ ২০২৪
উদ্বোধনী মেচত ঘৰুৱা দল জাৰ্মানীৰ চমক
শক্তিশালী জাৰ্মানীৰ হাতত পৰাস্ত স্কটলেণ্ড
শনিবাৰে অনুষ্ঠিত হ’ব ৩খনকৈ গুৰুত্বপূৰ্ণ মেচ

আকৌ ঘূৰি আহিল এই সময়। মাজনিশা উজাগৰে থাকি ভাৰতীয় ফুটবলপ্ৰেমীয়ে দুভৰিৰ ছন্দ উপভোগ কৰাৰ সময় এয়া। আৰম্ভ হ’ল ছন্দোবদ্ধ ফুটবলৰ যাদুৰে ভৰা স্নায়ুযুঁজ ইউৰো কাপ ২০২৪। আয়োজক দেশ জাৰ্মানীয়ে প্ৰথমখন মেচত স্কটলেণ্ডক সহজে পৰাস্ত কৰি আগুৱালে লীগৰ মেচত। ইউৰোপৰ ৩বাৰৰ চেম্পিয়ন জাৰ্মানীয়ে উদ্বোধনী মেচত প্ৰদৰ্শন কৰিলে দলীয় শক্তি।

স্কটলেণ্ডক ৫-১ গ’লত পৰাস্ত কৰিলে জাৰ্মানীয়ে
খেলখনত প্ৰথমৰে পৰা আধিপত্য বিস্তাৰ কৰিছিল জাৰ্মানীয়ে
জাৰ্মানীয়ে ১০, ১৯ আৰু ৪৫ মিনিটত দিলে প্রথম ৩টা গ’ল
দ্বিতীয়াৰ্ধৰ ৬৮ মিনিট আৰু অতিৰিক্ত সময়ত দিয়ে আনটো গ’ল
স্কটলেণ্ডে একমাত্র গ’লটো পৰিশোধ কৰে ৮৭ মিনিটত

ইপিনে, আজি ৩খনকৈ ৰোমাঞ্চকৰ মেচৰ বাবে সাজু হৈছে ফুটবলপ্ৰেমী। ভাৰতীয় সময় অনুসৰি

সন্ধিয়া ৬.৩০ বজাত হাংগেৰীৰ মুখামুখি হ’ব ছুইজাৰলেণ্ড
জৰ্দান শ্বাকিৰি আৰু গ’লৰক্ষক ইয়ান ছমাৰ দৰে শক্তিশালী খেলুৱৈ আছে ছুইজাৰলেণ্ডৰ
নিশা ৯.৩০ বজাত আছে হাই ভল্টেজ মেচ
স্পেইনৰ বিৰুদ্ধে খেলপথাৰত নামিব ক্ৰ’ৱেছিয়া
লুকা মড্ৰিকৰ ক্ৰ’ৱেছিয়াৰ ওপৰত দৃষ্টি নিবদ্ধ ফুটবলপ্ৰেমীৰ
মাজনিশা শক্তিশালী ইটালীৰ বিৰুদ্ধে যুঁজত নামিব আলবেনিয়া
বিগত ইউৰো কাপৰ খিতাপ জয়ৰ মুখ দেখিছিল ইটালীয়ে
গ্ৰুপৰ প্ৰথমখন মেচত জয়ৰে আৰম্ভণি কৰিব বিচাৰিব ইটালীয়ে

মুঠৰ ওপৰত সেউজ ঘাঁহনিত দুভৰিৰ মহাৰণৰ সাজু ইউৰোপৰ শীৰ্ষ ফুটবল দেশসমূহ। এইবাৰ কোনে দখল কৰিব ইউৰো কাপ, আৰম্ভ হৈছে চৰ্চা, জল্পনা-কল্পনাৰ।

NKTV Digital
Author: NKTV Digital

12 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...