বান গ’ল, অব্যাহত খহনীয়াৰ সংহাৰ

বান গ’ল। অব্যাহত খহনীয়াৰ সংহাৰ। ৰাজ্যৰ ঠায়ে ঠায়ে সৃষ্টি হৈছে খহনীয়াৰ। ডিব্ৰুগড় চহৰলৈ নামি আহিছে ভাবুকি। তীব্ৰ খহনীয়াৰ কবলত লাহোৱাল সমষ্টিৰ অন্তৰ্গত মাইজান। চপৰা চপৰে খহিছে নৈৰ গৰা। মহাবাহুৰ বুকুত বিলীন হৈ গ’ল পাঁচটাকৈ বাসগৃহ। বিগত এমাহে মথাউৰিতে আশ্ৰয় খহনীয়াগ্ৰস্তৰ। এক হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে। কিন্তু ইমানৰ পিছতো খবৰ নাই জনপ্ৰতিনিধি, কিম্বা জিলা প্ৰশাসনৰ। সাহাৰ্যৰ নামত সামান্য কিছু সামগ্ৰী দিয়েই দায়িত্ব সামৰে বিভাগীয় কতৃপক্ষ‌ই। মথাউৰিত আশ্ৰয় লৈ থকা লোকসকলৰ খবৰ ল’বলৈ আহৰি নাই ডিব্ৰুগড় জিলা প্ৰশাসনৰ। খহনীয়া প্ৰতিৰোধ কৰি সুৰক্ষিত স্থানত আশ্ৰয় বিচাৰিছে এতিয়া এইসকল দুৰ্ভগীয়া ৰাইজে।

একেই পৰিৱেশ বঙাইগাঁওৰ সৃজনগ্ৰামৰ গোলাপাৰা তৃতীয় খণ্ড পূৰ্বপাৰাত। মানাহ নৈৰ খহনীয়া অব্যাহত অঞ্চলটোত। প্ৰতিদিনে চপৰা চপৰে খহিছে নৈৰ গৰা। খহনীয়াত ক্ষতিগ্ৰস্ত হৈছে তিনিটাকৈ পৰিয়াল। নৈৰ বুকুত প্ৰায় বিলীন নাম্বাৰপাৰা-গোলাপাৰা সংযোগী পথ। ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। নৈৰ বুকুত মিলি গৈছে কৃষিভূমি। এনে পৰিৱেশ পৰিস্থিতিৰ পাছতো খবৰ নাই জনপ্ৰতিনিধি, জিলা প্ৰশাসনৰ। বিগত বছৰত স্থানীয় বিধায়কে খহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে। খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ-প্ৰশাসনক আহ্বান নৈপৰীয়াৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...