এইবাৰ গোৱালপাৰাত এনকাউণ্টাৰ, গুলীবিদ্ধ মষ্ট ৱাণ্টেড আব্দুৰ ৰহমান ওৰফে ৰিংকু

গোৱালপাৰাৰ ৰাক্ষসিনীত নিশা এনকাউণ্টাৰ। জিলাখনৰ মৰনৈ থানাৰ অন্তৰ্গত ৰাক্ষসিনীৰ হাৰিমুৰা গাঁৱত সংঘটিত এনকাউণ্টাৰত আহত হয় আব্দুৰ ৰহমান ওৰফে ৰিংকু নামৰ যুৱকজন । আহত ৰিংকুক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই জানিবলৈ দিয়া অনুসৰি মষ্ট ৱাণ্টেড আব্দুৰ ৰহমান ওৰফে ৰিংকু হত্যা, অপহৰণ, ধৰ্ষণ, চুৰি ,ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত গোচৰত অভিযুক্ত আছিল । উল্লেখযোগ্য যে, দুৰ্ধৰ্ষ অপৰাধী ৰিংকুয়ে ৰাক্ষসিনীৰ বিকাশ ৰাভা নামৰ যুৱক এজনক যোৱা ১২ মাৰ্চত অপহৰণ কৰি ভাৰত বাংলাদেশ সীমান্তত ৫ লাখ টকাত বিক্ৰী কৰিছিল। মঙলবাৰে মৰনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কৃষ্ণাই আৰক্ষীৰ সহযোগত অভিযান চলাই মেঘালয়ৰ বাঘমাৰাৰ পৰা ৰিংকুক কৰায়ত্ব কৰি অপহৃত বিকাশ ৰাভাক উদ্ধাৰ কৰে। ইয়াৰ পিছত ৰিংকুয়ে নিজৰ ঘৰৰ ওচৰতে অবৈধ পিষ্টল থকা বুলি কৈ আৰক্ষীক পিষ্টল দেখুৱাৰ চলেৰে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰাৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে । ফলত দুয়োখন ভৰিতে গুলি লগত আহত হয়। কিছুদিন পূৰ্বে আগিয়াত সংঘটিত হোৱা চুপাৰি ট্ৰাক ডকাইতি কাণ্ডৰ লগতো জড়িত আছিল ৰিংকু । বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত থকা ৰিংকুক আৰক্ষীয়ে গুলিয়াই আহত কৰাত অঞ্চলটোৰ ৰাইজে ফটকা ফুটাই আনন্দ উল্লাস কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...