এইবাৰ গোৱালপাৰাত এনকাউণ্টাৰ, গুলীবিদ্ধ মষ্ট ৱাণ্টেড আব্দুৰ ৰহমান ওৰফে ৰিংকু

গোৱালপাৰাৰ ৰাক্ষসিনীত নিশা এনকাউণ্টাৰ। জিলাখনৰ মৰনৈ থানাৰ অন্তৰ্গত ৰাক্ষসিনীৰ হাৰিমুৰা গাঁৱত সংঘটিত এনকাউণ্টাৰত আহত হয় আব্দুৰ ৰহমান ওৰফে ৰিংকু নামৰ যুৱকজন । আহত ৰিংকুক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই জানিবলৈ দিয়া অনুসৰি মষ্ট ৱাণ্টেড আব্দুৰ ৰহমান ওৰফে ৰিংকু হত্যা, অপহৰণ, ধৰ্ষণ, চুৰি ,ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত গোচৰত অভিযুক্ত আছিল । উল্লেখযোগ্য যে, দুৰ্ধৰ্ষ অপৰাধী ৰিংকুয়ে ৰাক্ষসিনীৰ বিকাশ ৰাভা নামৰ যুৱক এজনক যোৱা ১২ মাৰ্চত অপহৰণ কৰি ভাৰত বাংলাদেশ সীমান্তত ৫ লাখ টকাত বিক্ৰী কৰিছিল। মঙলবাৰে মৰনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই কৃষ্ণাই আৰক্ষীৰ সহযোগত অভিযান চলাই মেঘালয়ৰ বাঘমাৰাৰ পৰা ৰিংকুক কৰায়ত্ব কৰি অপহৃত বিকাশ ৰাভাক উদ্ধাৰ কৰে। ইয়াৰ পিছত ৰিংকুয়ে নিজৰ ঘৰৰ ওচৰতে অবৈধ পিষ্টল থকা বুলি কৈ আৰক্ষীক পিষ্টল দেখুৱাৰ চলেৰে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰাৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে । ফলত দুয়োখন ভৰিতে গুলি লগত আহত হয়। কিছুদিন পূৰ্বে আগিয়াত সংঘটিত হোৱা চুপাৰি ট্ৰাক ডকাইতি কাণ্ডৰ লগতো জড়িত আছিল ৰিংকু । বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত থকা ৰিংকুক আৰক্ষীয়ে গুলিয়াই আহত কৰাত অঞ্চলটোৰ ৰাইজে ফটকা ফুটাই আনন্দ উল্লাস কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...