ইলন মাস্কৰ শিক্ষাগত অৰ্হতা কি জানেনে? (Elon Musk’s educational qualifications)

টেছলা মটৰ্ছৰ CEO ইলন মাস্কে কানাডাৰ কুইনছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল যদিও পিছলৈ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ত পঢ়িবলৈ আমেৰিকালৈ গুচি আহি ব্যৱসায় আৰু পদাৰ্থ বিজ্ঞানত ডিগ্ৰী লাভ কৰে (BS in Economics আৰু BA in Physics)। তেওঁৰ ইচ্ছা আছিল উদ্যোগী আৰু প্ৰযুক্তিৰ জগতখনৰ সৈতে আপডেট হোৱা। গভীৰ জ্ঞানৰ সন্ধানত তেওঁ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়লৈ লৈ Energy physicsত PhD ডিগ্ৰী লাভ কৰিবলৈ অধ্যয়নত ব্ৰতী হয়। কিন্তু ষ্টেনফৰ্ডত মাত্ৰ দুদিন থকাৰ পিছত তেওঁ উদ্যোগীকৰণৰ কাম আগুৱাই নিয়াৰ সিদ্ধান্ত লয় আৰু বিশ্ববিদ্যালয়ৰ যাত্ৰা সিমানতে এৰিলে। মাস্কৰ PhDৰ সপোন আৰু বাস্তৱায়িত নহ’ল, অৱশ্যে, পূৰ্বে লাভ কৰা শৈক্ষিক পটভূমিয়ে প্ৰযুক্তি আৰু ব্যৱসায়ৰ সৈতে জড়িত বিষয়সমূহত তেওঁৰ বৈপ্লৱিক ধাৰণাসমূহক বহুলাংশে গঢ় দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...