চাকৰি এৰিব বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে!

পেচাগত ক্ষেত্ৰৰ লগতে নিজৰ সামাজিক কাম-কাজৰ বাবেও প্ৰায়ে চৰ্চিত হৈ থাকে বিশ্বৰ আটাইতকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে। এইবাৰ ছচিয়েল মিডিয়াত কৰা এটা মন্তব্যই বিশ্বজুৰি খলকনি তুলিছে। তেচলা আৰু স্পেচ এক্সৰ চিইঅ গৰাকীয়ে চাকৰি এৰাৰ কথা ভাবিছে। শুকুৰবাৰে পুৱা সকলোকে আচৰিত কৰি তুলি এলন মাস্কে লিখিছে-ভাবিছো মোৰ চাকৰিটো এৰি দিওঁ। চাকৰিৰ পৰিৱৰ্তে ফুলটাইম ইনফ্লুৱেঞ্চাৰ হৈ যাওঁ। সমাজক প্ৰভাৱ পেলোৱা কাম কৰি যোৱাৰ মন এলন মাস্কৰ।

ছচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় হৈ থাকে। স্পেচ এক্সৰ নতুন নতুন অভিযান অথবা তেচলা প্ৰতিষ্ঠানৰ সিদ্ধান্তসমূহৰ কথা প্ৰথমে সদৰি কৰে ছচিয়েল মিডিয়াত। টুইটাৰত ৬৫.৮ মিলিয়ন ফলৱাৰ আছে মাস্কৰ। ইনষ্টাগ্ৰাম আৰু ফেচবুক, টিকটক আৰু আন আন ছচিয়েল মিডিয়া একাউণ্টতো এক্টিভ এলন মাস্ক। এলন মাস্কৰ টুইটৰ লগে লগে সকলোৱে বিভিন্ন অফাৰ, আগ্ৰহ আৰু পৰৱৰ্তী পন্থাৰ কথা সোধা পৰিলক্ষিত হৈছে মাস্কক। বিভিন্নজনে ইউ টিউবৰ কথা কোৱাৰ বিপৰীতে কোনোবাই তেওঁক ইতিমধ্যে প্ৰভাৱশালী ব্যক্তিৰূপে স্বীকৃতি দিছে। ইয়াৰ পূৰ্বে নিজৰ চুলিৰ ষ্টাইলক লৈ ট্ৰোলৰ সন্মুখীন হৈছিল এলন মাস্ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...