প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ’ল হাতী ছাফাৰী। আজিৰে পৰা উদ্যানখনৰ বাঁহবাৰী আৰু ভূঞাপাৰা বনাঞ্চলিক এলেকাত পৰ্যটকৰ বাবে এই বিশেষ সেৱা মুকলি কৰা হৈছে। ইয়াৰ ফলত মানাহলৈ অহা দেশী-বিদেশী পৰ্যটকসকলে হাতীৰ পিঠিত উঠি বনাঞ্চলৰ নৈসৰ্গিক সৌন্দৰ্য আৰু বন্যপ্ৰাণীৰ বিচৰণস্থলী উপভোগ কৰাৰ সুযোগ লাভ কৰিব।
উল্লেখ্য যে, যোৱা ২ অক্টোবৰ অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনা দেশী-বিদেশী পৰ্যটকৰ বাবে পুনৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন মুকলি হোৱাৰ পাছৰে পৰা পৰ্যটকৰ যথেষ্ট সমাগম পৰিলক্ষিত হৈছে। বিশেষকৈ প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰাণীপ্ৰেমী পৰ্যটকৰ বাবে মানাহ এতিয়া আকৰ্ষণৰ অন্যতম কেন্দ্ৰ হৈ পৰিছে।
হাতী ছাফাৰী মুকলি উপলক্ষে আজি বাঁহবাৰী বনাঞ্চলত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। পৰম্পৰা অনুসৰি হাতী ছাফাৰী আৰম্ভ কৰাৰ পূৰ্বে পূজা-অৰ্চনা সম্পন্ন কৰা হয়। এই কাৰ্যসূচীত বাঁহবাৰী বনাঞ্চলিক বিষয়া নিটেশ বড়ো উপস্থিত থাকে। পূজা-অৰ্চনাৰ অন্তত আনুষ্ঠানিকভাৱে হাতী ছাফাৰীৰ শুভাৰম্ভ কৰা হয়। আজিৰে পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় আঠটা হাতীৰ জৰিয়তে দেশী-বিদেশী পৰ্যটকক হাতী ছাফাৰী কৰোৱা হ’ব। হাতী ছাফাৰী মুকলি হোৱাৰ পাছতে কেইবাটাও পৰ্যটকৰ দলে এই ৰোমাঞ্চকৰ অভিজ্ঞতা উপভোগ কৰে।
বন বিভাগৰ নিৰ্ধাৰিত সময়সূচী অনুসৰি, বাঁহবাৰী ৰেঞ্জত প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা ৭ বজালৈ প্ৰথমটো শ্বিফ্ট আৰু ৭ বজাৰ পৰা ৮ বজালৈ দ্বিতীয়টো শ্বিফ্টত হাতী ছাফাৰী অনুষ্ঠিত হ’ব। অৱশ্যে প্ৰতি মঙলবাৰে এই সেৱা বন্ধ থাকিব।
একেদৰে ভূঞাপাৰা ৰেঞ্জতো পুৱা ৬ বজাৰ পৰা ৭ বজালৈ প্ৰথমটো আৰু ৭ বজাৰ পৰা ৮ বজালৈ দ্বিতীয়টো শ্বিফ্টত হাতী ছাফাৰীৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে প্ৰতি বৃহস্পতিবাৰে ভূঞাপাৰা ৰেঞ্জত হাতী ছাফাৰী বন্ধ থাকিব।
ইয়াৰ উপৰি পৰ্যটকৰ বাবে বাঁহবাৰীৰ মহল কেম্পত হাতীৰ প্ৰতিপালন সম্পৰ্কীয় বিশেষ কাৰ্যসূচীৰো ব্যৱস্থা কৰা হৈছে। বিয়লি ৩ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীৰ জৰিয়তে পৰ্যটকসকলে হাতীৰ গা ধুওৱা, খাদ্য প্ৰদান আদি দৈনন্দিন কাৰ্যকলাপ প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব। লগতে নিৰ্ধাৰিত তদাৰকীৰ অধীনত মাউতসকলৰ সৈতে মত বিনিময় কৰাৰ সুবিধাও থাকিব। অৱশ্যে প্ৰতি মঙলবাৰে এই কাৰ্যসূচী বন্ধ থাকিব।
আনহাতে, হাতী ছাফাৰী আৰু হাতীৰ প্ৰতিপালন কাৰ্যসূচীৰ সময়ত পৰ্যটকৰ নিৰাপত্তাৰ লগতে হাতীসমূহৰ স্বাস্থ্য আৰু কল্যাণৰ দিশতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি জানিব পৰা গৈছে।
হাতী ছাফাৰী আৰম্ভ হোৱাৰ লগে লগে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকসকলৰ বাবে বনাঞ্চল ভ্ৰমণৰ অভিজ্ঞতাত নতুন মাত্ৰা সংযোজিত হ’ল। হাতীৰ পিঠিত উঠি মানাহৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ, ঘন সেউজীয়া অৰণ্য আৰু বন্যপ্ৰাণীৰ বিচৰণস্থলী ওচৰৰ পৰা উপভোগ কৰাৰ সুবিধাই পৰ্যটকৰ আকৰ্ষণ অধিক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
