তেলেংগানাত অস্তিত্ব ৰক্ষা কংগ্ৰেছৰ

মোদীৰ ধুমুহাত তচনচ বিৰোধী
তেলেংগানাত অস্তিত্ব ৰক্ষা কংগ্ৰেছৰ
সংখ্যাগৰিষ্ঠতা লাভৰ পিছতো আতংক কংগ্ৰেছত
নব নিৰ্বাচিত কংগ্ৰেছ বিধায়কৰ বাবে হায়দৰাবাদত সাজু বিলাসী বাছ

চাৰি ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ জয়জৰকাৰ। ইয়াৰ মাজতে তেলেংগানাত নিজৰ দুৰ্গ নিৰ্মাণ কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছ। কিন্তু জয়ৰ পিছতো যেন নিৰাপদ অনুভব কৰিব পৰা নাই কংগ্ৰেছ। তাৰ প্ৰমাণ হায়দৰাবাদৰ তাজ কৃষ্ণাত থিয় হৈ থকা এইকেইখন বিলাসী বাছ। বিছনাৰ পৰা সকলো সুবিধা থকা এই বাছ অনা হ’ল নৱনিৰ্বাচিত কংগ্ৰেছৰ বিধায়কসকলক নিৰাপদ স্থানলৈ লৈ যাবৰ বাবে। কিবা কাৰণত কোনো দলে সংখ্যাগৰিষ্ঠাতা নাপালে বা হৰ্ছ ট্ৰেডিঙৰ শংকা থাকিলে যাতে কংগ্ৰেছৰ বিধায়ক সহজ লক্ষ্য হ’ব নোৱাৰে তাৰ বাবেই এই ব্যৱস্থা কৰা হয়। তেলেংগানাৰৰ কংগ্ৰেছৰ তত্বাবধায়ক হিচাপে থকা কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডিকে শিবকুমাৰে তীক্ষ্ণ নজৰত ৰাখিছে তেলেংগানাৰ কংগ্ৰেছৰ নৱনিৰ্বাচত বিধায়কসকলক।

ইয়াৰ মাজতে এতিয়া চৰ্চা হৈছে
কোন হ’ব তেলেংগানাৰ মুখ্যমন্ত্ৰী?

তেলেংগানাত কংগ্ৰেছৰ বিজয় নিশ্চিত হোৱাৰ লগে লগে বিজয় উৎসৱো উদযাপন হ’ল। কংগ্ৰেছ কৰ্মীয়ে ৰাহুল–ছোনীয়া গান্ধীৰ পোষ্টাৰত ঢালিলে গাখীৰ। এতিয়া চৰ্চাৰ বিষয় হৈছে কোন হ’ব তেলেংগানাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী লৈ। চৰ্চাত আছে

তেলেংগানা প্ৰদেশ সভাপতি অনুমুলা ৰেৱান্ত ৰেড্ডী, ৰেণুকা চৌধুৰী

২০১৪ চনত তেলেংগানা গঠন হোৱাৰ পিছৰে পৰা কে চন্দ্ৰশেখৰ ৰাও হৈ আছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী। দুটা কাৰ্যকাল BRS-এ ক্ষমতা দখল কৰাৰ পিছত এইবাৰ KCR বাহিনী পৰাভূত হ’ল। এতিয়া চৰকাৰ গঠনৰ বাবে তৎপৰ হৈছে কংগ্ৰেছ। মুখ্যমন্ত্ৰী হিচাপে অনুমুলা ৰেৱান্ত ৰেড্ডীৰ নাম উচ্চাৰণ হ’লেও চৰ্চাত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ৰেণুকা চৌধুৰীৰ নাম। নিৰ্বাচনী প্ৰচাৰৰ সময়তো ৰাহুল–প্ৰিয়ংকা গান্ধীয়ে তেলেংগানাত কংগ্ৰেছ ক্ষমতালৈ আহিলে মহিলা মুখ্যমন্ত্ৰী হ’ব বুলি ঘোষণা কৰিছিল। কংগ্ৰেছৰ হাইকামাণ্ডৰ ওপৰতে নিৰ্ভৰ কৰিব সকলো সিদ্ধান্ত। কিন্তু

কিয় হাৰিল BRS?
ধৰাশায়ী হ’ল KCR পৰিয়াল
আসন কমিল ওৱেইছীৰ AIMIM
১খনৰ পৰা ৮খনলৈ আসন বাঢ়িল BJPৰ

২০১৪ আৰু ২০১৮ চনত ক্ষমতা দখল কৰা তেলেংগানা ৰাষ্ট্ৰ সমিতি, পৰৱৰ্তী সময়ত ভাৰত ৰাষ্ট্ৰ সমিতিয়ে এইবাৰ হেৰুৱালে ৪৫ খনৰো অধিক আসন। পূৰ্বৰ তুলনাত

কংগ্ৰেছৰ লাভ হ’ল ৪৬ খন আসন
ওৱেইছীৰ AIMIM লোকচান হ’ল একাধিক আসনৰ

অভিযোগ উঠিছে KCRৰ পৰিয়ালপ্ৰীতিত অতিষ্ঠ হৈ পৰিছিল দলৰে বহু নেতা–কৰ্মী। যাৰ ফল স্পষ্ট হ’ল নিৰ্চাচনৰ ফলাফলত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...