অসমত কণী এতিয়া মহঙা হ’ল

গৰম কেৰাহীত ফুলি উঠা এটা অমলেট! অথবা লোভনীয় ছানি চাইড আপ। গৰম ভাতৰ সৈতে এখন আঞ্জা, কণীৰ আঞ্জা। এইবোৰ ভাল লাগে। খাবলৈকো, ভাবিবলৈকো। পিছে অসমত কণী এতিয়া মহঙা হ’ল। হাঁহজনীহে তেজ মঙহৰ, কণী কিন্তু সোণৰ হেন হ’ল! প্ৰতিপ্লেট কণীত বাঢ়িল ৩০ৰ পৰা ৫০ টকাকৈ। প্ৰতি কাৰ্টুনত বাঢ়িল ২১০টকাৰ পৰা আঢ়ৈশলৈ। মন্ত্ৰীয়ে ক’লে- অহা ৩ বছৰত সলনি হ’ব হেনো দৃশ্যপট। ‘অসমেহে অন্ধ্ৰলৈ পঠাব কণী!’

গেছো হৈ গল, দালিও হৈ গল, চেনীও হৈ গল, নিমখো হৈ গল, অৰুণোদয় পালোঁ, বৃদ্ধপেঞ্চনো পালোঁ, বিধৱাপেঞ্চনো। নিৰ্বাচনলৈকে মিঠাতেলো আহি যাব। পিছে তাৰ মাজেৰে সকলোকে একাষৰীয়া কৰি কণীৰ দামটোহে বাঢ়ি থাকিল। ৰাইজে এতিয়া ভাবিছে, মাছ-মাংসতো আগৰে পৰা দাম, শাক পাচলিৰো গাত জুই লাগি থাকে। এতিয়া কণীৰো যদি একেই হয়, অসুবিধা হব।

ল’ৰাটোক টিফিনত, মানুহজনক ব্ৰেকফাষ্টত, আলহী আহিলেও টোষ্টৰ সৈতে সাউতকৈ কণীটোকে ভাজি দিয়া গৃহিনীৰ বাবেও কণীৰ দামবৃদ্ধি বৰ শুভসংবাদ নহয়। তাৰ মাজতে অভয়াপুৰীত মন্ত্ৰী ৰঞ্জিত দাসে ক’লে, অহা ৩ বছৰত সলনি হ’ব হেনো দৃশ্যপট। ‘অসমেহে অন্ধ্ৰলৈ পঠাব কণী!’ ৰাজ্যখনে কণী উৎপাদনত স্বাৱলম্বী হ’ব লাগে। কনী উৎপাদনত স্বাৱলম্বী নোহোৱাৰ বাবে কণীৰ দাম বৃদ্ধি পাইছে।

এতিয়া অহা ৩ বছৰলৈকে ৰাইজে এই দামত কণী খাই থাকিবলগীয়াটোহে বৰ বিপজ্জনক হ’ব। এগলেছ খোৱাসকলৰ বাৰু কথা বেলেগ, পিছে ভাড়া ৰুমে ৰুমে থকা পঢ়া-শুনা বা চাকৰি কৰা লৰা ছোৱালীহঁতৰহে বৰ মস্কিল হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...