কামাখ্যা মন্দিৰ চৌহদত চলিল EDৰ অভিযান, ৭.৬২ কোটি টকাৰ কেলেংকাৰিৰ তথ্য

কামাখ্যা মন্দিৰ চৌহদত চলিল দেশৰ এক তদন্তকাৰী সংস্থাৰ অভিযান। ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰ চৌহদত চলিল EDৰ অভিযান। শক্তিপীঠ কামখ্যাৰ দেৱোত্তৰ ব’ৰ্ডৰ হাৱালা কেলেংকাৰি সন্দৰ্ভত এই অভিযান। অভিযোগ উঠিছে মন্দিৰৰ নিৰ্মাণ সামগ্ৰী ক্ৰয়ৰ নামত বৃহৎ কেলেংকাৰিৰ। পোহৰলৈ আহিছে ৭.৬২ কোটি টকাৰ কেলেংকাৰিৰ তথ্য। তদানীন্তন দেৱোত্তৰ ব’ৰ্ডৰ বহুকেইজন বিষয়ববীয়াৰ নাম ও লাইছে। নিৰ্মাণ সামাগ্ৰীৰ নামত টকা খাবলৈ তেওঁলোকে কৰিছিল কেলেংকাৰী। অভিযুক্তৰ আত্মীয়ৰ নামতো ভাগ লৈছিল কেলেংকাৰীৰ ধনৰ। অভিযান কালত ১.৮২ কোটি টকাৰ বীমা পলিচী জব্দ কৰিছে ED-এ। এইসমূহ বীমা পলিচীৰে নাম পোৱা গৈছে ব’ৰ্ডৰ বিষয়ববীয়াৰ আত্মীয়ৰো। দেৱোত্তৰ ব’ৰ্ডৰ মুখ্য প্ৰশাসক ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত অভিযান।

আন বিষয়ববীয়াৰ বাসগৃহতো অভিযান চলালে ED-এ। মা কামাখ্যা মন্দিৰত সংঘটিত এই কেলেংকাৰীয়ে এতিয়া চকু কপালত তুলিছে ভক্তৰ। ইতিমধ্যে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী বিষয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...