শিল্পা শেট্টীৰ বাসগৃহত ED অভিযান

পুনৰ চৰ্চালৈ আহিছে অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্রাৰ বিৰুদ্ধে ৰুজু হৈ থকা পৰ্ণগ্ৰাফী কাণ্ড আৰু প্ৰবঞ্চনাৰ গোচৰ। এই গোচৰ লৈ সক্ৰিয় হৈছে ED, শুকুৰবাৰে শিল্পা-ৰাজ কুন্দ্রাৰ ঘৰত চলিল ED ৰ অভিযান। মুম্বাইৰ বান্দ্ৰাৰ বাসগৃহসহ কুন্দ্ৰাৰ কাৰ্যালয়তো চলে তালাচী। ৰাজ কুন্দ্ৰাৰ ঘনিষ্ঠৰ ঘৰতো তালাচী চলাই ED-এ।

পৰ্ণগ্ৰাফী গোচৰক লৈ ২০২১ চনৰ জুনত গ্ৰেপ্তাৰ হৈ দুমাহ কাৰাবাসো খাটিব লগা হৈছিল ৰাজ কুন্দ্রাই। পৰ্ণগ্ৰাফী নিৰ্মাণ আৰু প্ৰচাৰ কৰা গোচৰৰ মুল অভিযুক্ত হিচাপে মুম্বাই আৰক্ষীয়ে অভিযুকিত কৰিছিল ৰাজকুন্দ্ৰাক। পৰ্ণগ্ৰাফী ভিডিঅ’ নিৰ্মাণৰ লগতে অনৈতিক ধনৰ লেন-দেনৰ অভিযোগো আছে কুন্দ্ৰাৰ বিৰুদ্ধে। পৰ্ণগ্ৰাফী কাণ্ডৰ তদন্তত নামি মুম্বাই আৰক্ষীয়ে সন্ধান পাইছিল ‘হটশ্বট’ নামৰ এটা এপৰ। এই এপ নিয়ন্ত্ৰণ কৰা সংস্থাৰ স্বতাধিকাৰী আছিল ৰাজ কুন্দ্ৰাৰ। একাধিক ছাৰ্ভাৰৰ জড়িয়তে পৰ্ণগ্ৰাফী ভিডিঅ’, চুটী কিম্বা দীঘল ছবি পোৱা গৈছিল। অভিযোগ উঠিছিল। মোবাইল এপৰ জৰিয়তে ৰাজ কুন্দ্ৰাই নিৰ্মাণ কৰিছিল ভিডিঅ’-চিনেমা। তাৰপিছত সেইবোৰ বিক্ৰী হৈছিল। বিদেশ পৰ্যন্ত বিস্তৃত আছিল এই চক্ৰৰ জাল।

ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগ উঠাৰ পিছতে গুগোল প্লে’, এপ’ল আদিৰ পৰা এপটো আতৰাই দিয়া হয়। পৰ্ণগ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰাই জামিন পালেও দীৰ্ দিন ধৰি অবৈধ আৰ্থিক লেন–দেনৰ গোচৰ ED–ৰ তদন্ত চলি আছে। বিটকয়ন দুৰ্নীতিতো নাম সাঙোৰ খোৱা ৰাজ কুন্দ্ৰা আৰু অভিনেত্ৰী শিল্পাৰ ৯৮ কোটীৰ সম্পত্তি চলিত বৰ্ষতে ED-এ বাজেয়াপ্ত কৰিছে।

বিটকয়ন দুৰ্নীতিৰে ৯৮ কোটিৰ সম্পত্তি ৰাজ কুন্দ্ৰাই লাভ কৰাৰ অভিযোগ। এই গোচৰতে ED-এ তালাচী চলায় ৰাজ কুন্দ্ৰা–শিল্পাৰ বাসগৃহত। ২০১৭ চনত প্ৰায় চাৰে ছয় হাজাৰ টকা সৰকোৱা হৈছিল। অজয় ভৰদ্বাজ নামৰ এজন লোক জড়িত আছিল এই প্ৰৱঞ্চনাত।

ED-এ চলোৱা তদন্তত নাম সাঙোৰ খালে ৰাজ কুন্দ্ৰাৰ নাম। ভৰদ্বাজ উপাধিৰ লোকজনে বিটকয়নেৰে ৰাজ কুন্দ্ৰাক ব্যৱসায়ৰ বাবে দিছিল ধন। ৰাজ কুন্দ্ৰাৰ লক্ষ্য আছিল ইউক্ৰেইনত মাইনিং ফাৰ্ম নিৰ্মাণ কৰাৰ। কিন্তু ৰাজ কুন্দ্ৰাৰ ভবা কথা নহ’ল সিদ্ধি, সন্মুখত পৰিল ED।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...