গৰমে গৰমে খাবলৈ ভাল পাই নেকি? নিজে নিজে মাতি আনিছে বিপদ!

শীতকাল আৰু গ্ৰীষ্মকালৰ খাদ্য পৃথক হয়। একাংশ লোকে শীতকাল হওক বা গৰম দিন, যিকোনো সময়তে অতি গৰম খাদ্য ভাল পায়। গৰম খাদ্য সুস্বাদু হোৱাৰ বাবে আৰু একাংশই সময় বচাবলৈও গৰম খাদ্য ভাল পায়। তেওঁলোকে কেৱল নিয়মীয়াকৈ গৰম খাদ্য খায় আৰু আনকো পৰিৱেশন কৰে। অত্যাধিক গৰম খাদ্য খোৱাৰ ফলত শৰীৰৰ কি ক্ষতি হ’ব পাৰে জানি লওক।

গৰম খাদ্য সুস্বাদু লাগিব পাৰে, কিন্তু ই শৰীৰৰ যথেষ্ট ক্ষতিও কৰে। ঠাণ্ডা খাদ্য ভাল নালাগিলেও অত্যাধিক গৰম খোৱাটো ভাল নহয়।

অত্যাধিক গৰম খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, সেয়া ঠাণ্ডা হওঁক বা গৰম হওঁক। অত্যাধিক গৰম খাদ্য নিয়মীয়াকৈ খালে পাকস্থলীৰ ক্ষতিগ্ৰস্ত হয়।

পেটৰ ভিতৰৰ ছাল সূক্ষ্ম আৰু গৰম খাদ্য প্ৰৱেশৰ ফলত ই ক্ষতিগ্ৰস্ত হয়। কেতিয়াবা এনে কৰিলে পেটত জ্বলা-পোৰা কৰাৰ লগতে উষ্ণতাও বৃদ্ধি কৰে।

কেতিয়াবা মানুহে অত্যাধিক গৰম খোৱাৰ তাদিগাত জিভা বা মুখ জ্বলাই দিয়ে। এনে কৰিলে মুখত সমস্যাৰ সৃষ্টি হয়, যাৰ বাবে অসুবিধাত পৰিব পাৰে।

আনকি ভুলতে এনে হ’লেও, ভিতৰৰ পৰা মুখখন আৰোগ্য কৰিবলৈ কেইদিনমানৰ বাবে ঠাণ্ডা খাদ্য খাবলগীয়া হব পাৰে।

বিশেষজ্ঞৰ মতে, অধিক গৰম আৰু অধিক ঠাণ্ডা খাদ্যই দাঁতৰ ক্ষতিগ্ৰস্ত কৰে। অত্যধিক গৰম খাদ্য সেৱনে দাঁতৰ এনামেল ফাটি যোৱাৰ সম্ভাৱনা ৰাখে। ইয়াৰ ফলত দাঁতৰ স্বাস্থ্যৰ অৱনতি ঘটে। ই দাঁতৰ সৌন্দৰ্যকো বিৰূপভাৱে প্ৰভাৱিত কৰে।

ৰম খাদ্য খোৱাৰ ফলতো ডিঙিৰ যথেষ্ট ক্ষতি হয়। ইয়াৰ ফলত ডিঙি ভিতৰৰ পৰা জ্বলি যায় আৰু ফুলি উঠে। এই সমস্যাৰ সময়ত বহুতো ঘৰুৱা প্ৰতিকাৰৰ পৰা সকাহ পাব পাৰি, কিন্তু চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল।

পৰাপক্ষত গৰম বস্তু ঠাণ্ডা কৰিহে খোৱা উচিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...