সপ্তাহত এদিন সম্পূৰ্ণ সিজোৱা খাদ্য খাওক, তেল-মছলাৰ ব্যৱহাৰ কমাওক : স্বাস্থ্যমন্ত্ৰী

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক অশোক সিংহলে আজি ঢেকিয়াজুলিৰ চিতলমাৰীত এটি ‘স্বাস্থ্য আৰু কল্যাণ শিবিৰ’ উদ্বোধনেৰে এই ব্যতিক্ৰমী পদক্ষেপৰ শোণিতপুৰ জিলাভিত্তিক কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে ‘সুস্থ সমাজ, স্বাস্থ্যৱান অসম’ গঢ়াৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাধাৰাক সাকাৰ ৰূপ দি স্বাস্থ্য বিভাগে ৰাজ্যৰ প্ৰতিখন গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায় আৰু ভিচিডিচি এলেকাত ‘স্বাস্থ্য আৰু কল্যাণ শিবিৰ’ অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি বিশ্বনাথ জিলাৰ পাভৈত আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰাৰ পিছত আজি ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ শিঙৰী গাঁও পঞ্চায়তৰ ৰাইজৰ বাবে চিতলমাৰী উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত ‘স্বাস্থ্য আৰু কল্যাণ শিবিৰ’ মুকলিৰে মন্ত্ৰী সিংহলে শোণিতপুৰ জিলাৰ বাবে এই অভিযানৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে স্বাস্থ্য হৈছে আমাৰ ব্যক্তিগত বিষয়। চৰকাৰে ৰাইজৰ চিকিৎসাৰহে ব্যৱস্থা কৰিব পাৰে, কিন্তু নিৰোগী হৈ থকাৰ দায়িত্ব আমি নিজেই ল’ব লাগিব। তেওঁ কয় যে স্বাস্থ্যকৰ খাদ্যাভ্যাস, নিয়ন্ত্ৰিত জীৱন-যাপন, শাৰীৰিক পৰিশ্ৰম, যোগ-ব্যায়াম আদিৰ জৰিয়তে আমি নিজকে স্বাস্থ্যৱান কৰি গঢ়ি তুলিব লাগিব।

এখন স্বাস্থ্যৱান সমাজেহে এখন স্বাৱলম্বী অসমৰ ভেঁটি গঢ়িব পাৰে বুলি তেওঁ মন্তব্য কৰে। সুস্বাস্থ্যক এক গণ আন্দোলনৰ ৰূপ দিবলৈ ৰাইজলৈ আহ্বান জনোৱাৰ লগতে সপ্তাহত কমেও এদিন তেল-মছলাবিহীন সম্পূৰ্ণ সিজোৱা খাদ্য খোৱাৰ অভ্যাস কৰিবলৈ তথা খাদ্যত তেলৰ ব্যৱহাৰ কমকৈ ব্যৱহাৰ কৰাৰ সংকল্প ল’বলৈও তেওঁ ৰাইজলৈ আহ্বান জনায়।

মন্ত্ৰী সিংহলে কয় যে দূৰদৰ্শী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সুদক্ষ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্যখণ্ডই এক নৱজাগৰণৰ পথত খোজ দিছে। জনসাধাৰণৰ মাজত স্বাস্থ্য সম্পর্কীয় সজাগতা সৃষ্টি কৰাৰ লগতে বিভিন্ন স্বাস্থ্য সম্পর্কীয় কাৰ্য্যক্ৰমৰ বিষয়ে ৰাইজক সজাগ কৰি তোলাৰ বাবে আয়োজিত এই স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহত বিভিন্ন সংক্রামক আৰু অসংক্ৰামক ৰোগৰ প্ৰতিৰোধৰ বাবে জনসাধাৰণৰ স্বাস্থ্য-সজাগতা বৃদ্ধি কৰা, আগতীয়াকৈ কোনো ৰোগ নিৰ্ণয় কৰি ৰোগৰ অৱস্থাৰ ব্যৱস্থাপনা কৰিবৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা তথা নিজকে শৰীৰচৰ্চা সম্পৰ্কীয় বিভিন্ন শাৰীৰিক ব্যায়াম আদি কাৰ্য্যত নিয়োজিত কৰি নিৰোগী কৰি ৰখাত উদগণি যোগোৱা হ’ব।

এই স্বাস্থ্য আৰু কল্যাণ শিবিৰত উপলব্ধ মুখ্য সেৱাসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে মাতৃ আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা, মধুমেহ, উচ্চ ৰক্তচাপ, মুখগহ্বৰৰ কৰ্কট আৰু মানসিক স্বাস্থ্য পৰীক্ষা, যক্ষ্মা, কুষ্ঠ, মেলেৰিয়া, চিকল ছে’ল ৰোগৰ পৰীক্ষা, চকুৰ যতন, নাক-কাণ, দাঁত আৰু শ্ৰৱণ শক্তিৰ পৰীক্ষা, বিনামূলীয়াকৈ ৰোগ নিৰ্ণায়ক পৰীক্ষা, ঔষধ, টেলিফোনযোগে ৰোগ বিষয়ক পৰামৰ্শ, স্বাস্থ্য পৰীক্ষা আদি। এই শিবিৰসমূহত যোগাসন, ধ্যান আৰু পুষ্টি সম্বন্ধীয় পৰামৰ্শও প্ৰদান কৰা হব। তদুপৰি বিভিন্ন সজাগতা বিষয়ক কার্যকলাপো হাতত লোৱা হব।

শোণিতপুৰ জিলাৰ প্ৰতিগৰাকী লোককে নিজৰ সমীপৰ স্বাস্থ্য শিবিৰলৈ আহি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে জনসাধাৰণৰ মাজত এক স্বাস্থ্য বিষয়ক সজাগতা সৃষ্টি কৰিবলৈ তেওঁ আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...