কিয় সঘনাই বাঢ়িছে ভূমিকম্প? অসমত ২০২৫ত দুবাৰকৈ অনুভূত জোকাৰণি

৭ জানুৱাৰীৰ পুৱাই দেশৰ ভিন্ন প্ৰান্তত অনুভূত হ’ল ভূমিকম্প। মহাৰাষ্ট্ৰ, দিল্লী, ভূটান, বিহাৰ, পশ্চিমবংগ আদিত কম্পন। তিব্বতৰ নেপাল সীমান্তত এই ভূমিকম্পৰ অভিকেন্দ্ৰ। ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৭.১ ৰিখটাৰ স্কেল। অসমতো আংশিকভাৱে অনুভূত এই কম্পন। পুৱা ৬.৩৮ বজাত অনুভূত হৈছিল এই ভূমিকম্প। প্ৰায় ১৫ ছেকেণ্ড ধৰি অনভূত হয় ভূমিকম্পৰ।

নেপাল আৰু তিব্বত সীমান্তত ভূমিকম্পৰ সৰ্বাধিক ক্ষয়–ক্ষতি। তিব্বতৰ নেপাল সীমান্তত ভূমিকম্পৰ অভিকেন্দ্ৰ। নেপাল-তিব্বত সীমান্তত ভূমিকম্পত নিহতৰ সংখ্যা শতাধিক। ভূমিকম্পত ৬০ৰো অধিক লোক আহত।

৩ জানুৱাৰীৰ পুৱা ১০ বাজি ৩ মিনিটত অসমত ভূমিকম্পই জোকাৰি গৈছিল। মজলীয়া প্ৰাবল্যৰ ভূমিকম্পত অৱশ্যে কোনো ক্ষয়ক্ষতি হোৱা নাছিল।

ইফালে মঙলবাৰে পুৱা চীনৰ তিব্বত প্ৰদেশত সংঘটিত হোৱা ভূমিকম্পৰ ফলত শতাধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২ শতাধিক লোক আহত হয়। চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াৰ মতে, পুৱা ৯.০৫ বজা(ভাৰতীয় সময় অনুসৰি ৬.৩০ বজাত)ত সংঘটিত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু তিব্বতৰ শ্বিজাঙত ভূগৰ্ভৰ ১০ কিলোমিটাৰ তলত আছিল। ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৭.১। এনচিএছৰ বাতৰি অনুসৰি, প্ৰথমটো ভূমিকম্পৰ লগে লগে অঞ্চলটোত আৰু দুটাকৈ ভূমিকম্পৰ সৃষ্টি হৈছিল। স্থানীয় বিষয়াসকলে অহৰহ পৰিস্থিতিৰ বুজ লৈ আছে, যাৰ বাবে হতাহতৰ সংখ্যাও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। অসমকে ধৰি উঃ-পূৰ্বাঞ্চল ভূমিকম্পপ্ৰবণ অঞ্চল। গতিকা প্ৰশাসনে এই ক্ষেত্ৰত আগতীয়া আৰু দ্ৰুত ব্যৱস্থা সাজু কৰাৰ প্ৰয়োজন আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...