ICC বিশ্বকাপৰ ফাইনেল ‘GRAND’ কৰিবলৈ সাজু আহমেদাবাদ

ICC বিশ্বকাপৰ ফাইনেল ‘GRAND’ কৰিবলৈ সাজু আহমেদাবাদ
VVIP, VIPৰ সমাগম ঘটিব ১৯ নৱেম্বৰৰ ফাইনেলত
উপস্থিত থাকিব স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
থাকিব ১৯৭৫ৰ পৰা এদিনীয়া বিশ্বকাপ জয়ী দলৰ অধিনায়ক
ফাইনেলত পপষ্টাৰ ডুৱা লিপাই সংগীত পৰিৱেশনৰ সম্ভাৱনা
নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত থাকিব ১ লাখ ৩০ হাজাৰ দৰ্শক

শ-হাজাৰ টকাত পাবলৈ নাই হোটেল, সাধাৰণ হোটেলৰ এটা এটা কোঠালীৰ দাম এতিয়া ১০ হাজাৰ টকা। পঞ্চতাৰকাযুক্ত হোটেলত দাম বাঢ়িছে ১ লাখ টকালৈ। দেওবাৰে ছুপাৰ ছানডে। কাৰণ এটাই ICC বিশ্বকাপৰ ফাইনেল। ১ লাখ ৩০ হাজাৰ আসনবিশিষ্ট নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বিশ্বকাপ ২০২৩ৰ মহা ফাইনেল চাবলৈ সমাগম ঘটিছে হাজাৰ হাজাৰ ক্ৰিকেট অনুৰাগীৰ। যাৰ বাবে টিকটৰ মূল্যৰ লগতে হোটেলৰ কোঠাৰ দামো এতিয়া আশা চুইছে। পূৰ্বতকৈ বিমানৰ ভাৰাও বৃদ্ধি পাইছে আহমেদাবাদত। আহমেদাবাদলৈ ২০০–৩০০ শতাংশ পৰ্যন্ত বিমানৰ টিকটৰ নিৰিখ বৃদ্ধি পাইছে। দীপাৱলীৰ উচাহ মাৰ নৌযাওঁতেই ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে সমগ্ৰ আহমেদাবাদ, সমান্তৰালভাৱে সমগ্ৰ দেশ।

দেওবাৰে ফাইনেলৰ মৰণপণ যুঁজত নামিব ৰোহিত বাহিনী আৰু শক্তিশালী অষ্ট্ৰেলিয়া। ২০০৩ৰ বিশ্বকাপত ফাইনেলৰ পৰাজয়ৰ প্ৰতিশোধ ল’বলৈ খেলপথাৰত প্ৰতিদ্বন্দিতা আগবঢ়াব ভাৰতে। ক্ৰিকেট বিশ্বৰ বহু প্ৰত্যাশিত ফাইনেল চাবলৈ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত থাকিব খোদ প্ৰধানমন্ত্ৰী মোদী। ক্রীড়াবিদ, অভিনেতা, ৰাজনীতিবিদ, উদ্যোগপতিৰ ঘটিব সমাবেশ। হলিউডৰ জনপ্ৰিয় তাৰকা দোৱা লিপাই ফাইনেলত সংগীতানুষ্ঠান পৰিবেশন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে, আহমেদাবাদত খেলখনৰ পূৰ্বেই ভাৰতীয় বায়ু সেনাই কৰিব এয়াৰ শ্ব’। তাৎপৰ্যপূৰ্ণ যে, ICC-এ ১৯৭৫ চনৰ পৰা বিশ্বকাপ জিনা সকলো দেশৰ সেই সময়ৰ অধিনায়কসকলক নিমন্ত্ৰণ জনাইছে। ফাইনেলৰ বাবে আটকধুনীয়াকৈ সজাই তোলা হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। মুঠৰ ওপৰত এতিয়া বিশ্বকাপৰ ফাইনেল Grand কৰাৰ বাবে উঠি পৰি লাগি পৰিছে BCCI আৰু ICC। এতিয়া অপেক্ষা মাথোঁ দেওবাৰলৈ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰি স্বপ্ন পূৰণ হওঁক ১২ বছৰ ধৰি ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ অপেক্ষাৰ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...