জোতা-চেণ্ডেলৰ দোকানত চলাই আহিছিল ড্ৰাগছৰ বেহা। ১,২৫০টা টেবলেটসহ জালত মুক্তাদুৰ ৰহমান

অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। হাটশিঙিমাৰীত ১,২৫০টা ডব্লিউ ৱাই 37 নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ কৰিছে এজনক। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ সুখচৰ-হাজিৰহাটত আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত টেবলেটসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইলিয়াছ হুছেইনে সদৰি কৰা মতে, গোপন সুত্ৰৰ ভিত্তিত হাজিৰহাট অঞ্চলত চলিছিল আৰক্ষীৰ অভিযান। অভিযানৰ সময়ত মুক্তাদুৰ ৰহমান নামৰ ড্ৰাগছ ব্যৱসায়ীজনে নিচাযুক্ত টেবলেট বিক্ৰী কৰি থকা অৱস্থাত কৰায়ত্ত কৰে। আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা WY-37 নামৰ মুঠ ১,২৫০টা নিচাযুক্ত টেবলেট জব্দ কৰে। ধৃত ড্ৰাগছ ব্যৱসায়ীজন বড় কাজিৰগাঁও গাঁৱৰ গোপাল শ্বেখৰ পুত্ৰ মুক্তাদুৰ ৰহমান ওৰফে নাণ্টু।

হাজিৰহাটৰ জামাল বজাৰত জোতা-চেণ্ডেলৰ দোকান আছে মুক্তাদুৰৰ। সেই দোকানৰ পৰাই দীৰ্ঘদিন ধৰি মোবাইল চুৰি আৰু ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বুলি সদৰি কৰিছে সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ইলিয়াছ হুছেইনে। ইফালে হাজিৰহাট অঞ্চলৰ ছাফিউল ওৰফে কালু নামৰ আন এগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ পৰা ধৃত মুক্তাদুৰ ৰহমানে ড্ৰাগছ সৰবৰাহ কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে। শেহতীয়াকৈ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীয়ে বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ কৰি ৰমৰমীয়া বেহা চলাই অহাৰ বিপৰীতে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...