বিশিষ্ট সঙ্গীতকাৰ ড০ অপৰ্ণা বুজৰবৰুৱালৈ সন্মানীয় সলিল চৌধুৰী বঁটা

অসমৰ সংগীত জগতৰ বাবে ইতিবাচক খবৰ। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিল এটি অসমীয়া গীত! যোৱা ৯ মাৰ্চ তাৰিখে কলকাতাৰ স্বামী বিবেকানন্দ প্ৰেক্ষাগৃহত পঞ্চম আন্তঃৰাষ্ট্ৰীয় ষ্টাৰ চলচ্চিত্ৰ মহোৎসৱ (5th International Star Film Festival) অনুষ্ঠিত হয়। এই মহোৎসৱত এইবাৰ বিশিষ্ট সঙ্গীত পৰিচালক সলিল চৌধুৰীৰ শতবাৰ্ষিকী হিচাপে উদযাপন কৰি বটা প্ৰদান কৰাৰ লগতে তেখেতৰ সোণসেৰীয়া গীতৰ অনুষ্ঠান আৰু নৃত্য প্ৰদৰ্শনেৰে প্ৰেক্ষাগৃহ মুখৰিত কৰি তোলে। এই মহোৎসৱত মুঠ ৬৫ খন দেশে যোগদান কৰে। ৪০টা শিতানত ২৯০টা বঁটা প্ৰতিযোগিতাত প্ৰদান কৰা হয়। অতি আনন্দৰ কথা যে ড০ অপৰ্ণা বুজৰবৰুৱাৰ কথা, সুৰ, সঙ্গীত পৰিচালনা আৰু সঙ্গীত ব্যৱস্থাপনাত তৈয়াৰ কৰি উলিওৱা “ৰুণ জুণ জুণ” – নামৰ গীতটোৱে শ্ৰেষ্ঠ ‘মিউজিক ভিডিঅ’ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। ড০ অপৰ্ণা বুজৰবৰুৱাক শ্ৰেষ্ঠ সঙ্গীত পৰিচালক হিচাপে সন্মানীয় ‘সলিল চৌধুৰী বঁটা’ আগবঢ়োৱা হয়। ই অসমৰ বাবে অতি গৌৰৱৰ কথা। গীতটোত কন্ঠদান কৰে ড০ সঙ্গীতা কাকতিয়ে আৰু মেঘৰঞ্জনী মেধিয়ে তেওঁৰ সুন্দৰ নৃত্যৰে অভিনয় কৰে। ভিডিঅ’ পৰিচালনা কৰে অন্তৰীপ হাজৰিকাই। এই মিউজিক ভিডিঅটোৱে বৰ্তমানলৈকে চাৰিটা পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। ড০ অপৰ্ণা বুজৰবৰুৱা কটন কলেজৰ এগৰাকী উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথম আৰু একমাত্ৰ মহিলা সঙ্গীতকাৰ। সঙ্গীত পৰিচালক গৰাকীয়ে এই স্বীকৃতি অসমৰ সংগীত জগতৰ বাবে অত্যন্ত আশাপ্ৰদ খবৰ বুলি মত প্ৰকাশ কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...