শ্ৰীভূমি জিলাৰ আনিপুৰ অঞ্চলত মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ

শ্ৰীভূমি জিলাৰ আনিপুৰ অঞ্চলত মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ। ৰাতাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নাথবস্তি শনি মন্দিৰত নিশা দুৰ্বৃত্তই চলালে তাণ্ডব। মন্দিৰৰ বিগ্ৰহ ভাঙি ১০০ মিটাৰ দূৰত থকা জংঘলত পেলাই দিয়ে। নগদ ধনসহ সোনৰ অলংকাৰ লুটি নিলে দুৰ্বৃত্তৰ দলে। মন্দিৰত সংঘটিত আক্ৰমণৰ ঘটনাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। দুষ্কৃতিকাৰীয়ে শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ পৰিকল্পনা কৰা বুলি সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত ৰাতাবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। শীঘ্ৰে দুষ্কৃতিকাৰীক আটক কৰাৰ দাবী ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...