যৌতুকৰ বাবে পত্নীক হ*ত্যা! ৭০ হাজাৰ টকা দি মৃতদেহ লৈ যাবলৈ ক’বলৈ শাহুৱেকক

ফেচবুক প্ৰেমৰ ভয়ংকৰ পৰিণতি। প্ৰথমে প্ৰেম তাৰ পিছত বিবাহ, শেষত যৌতুকৰ বাবে কৰিলে অত্যাচাৰ। যৌতুক নোপোৱাত পত্নীক হত্যা কৰি নৰাধম ওচমান আলীয়ে শাহুৱেকক বিচাৰিলে ৭০হাজাৰ টকা। পইচা দি লৈ যাবলৈ ক’লে মৃতদেহ। আচৰিত যেন লাগিলেও এইখন অসমতে সংঘটিত হৈছে এই জঘন্য ঘটনা।

মানুহ কিমান জঘন্য মানসিকতাৰ হ’ব পাৰে? কিমান অধম হ’লে যৌতুক নাইবা টকাৰ বাবেই মানুহে ল’ব পাৰে মানুহৰ প্ৰাণ? শেহতীয়াকৈ সংঘটিত হোৱা এটা ঘটনাই এনে কেতবোৰ প্ৰশ্নকেই উত্থাপন কৰিছে। শ্ৰীভূমি জিলাৰ নিভিয়াৰ ওচমান আলী নামৰ এটা নৰাধমৰ ভয়ংকৰ কাণ্ড। পত্নীক হত্যা কৰাৰ পিছত শাহুৱেকলৈ ভিডিঅ’ পঠিয়াই দাবী কৰিলে ৭০হাজাৰ টকা। জানিব পৰা মতে, ওচমান আলীয়ে পত্নী ৰাবিয়া বেগমৰ পৰিয়ালক যৌতুক দাবী কৰি আহিছিল। কেইদিনমান পূৰ্বে বেংগালুৰুৰ পৰা ৰাবিয়াক নিৰ্যাতনৰ ভিডিঅ’ প্ৰেৰণ কৰিছিল ৰাবিয়াৰ মাতৃলৈ। তাৰ পিছদিনাই প্ৰেৰণ কৰিলে কাপোৰেৰে ঢাকি থোৱা এটা মৃতদেহৰ ফটো। ওচমানৰ দাবী সেয়া পত্নী ৰাবিয়া বেগমৰ মৃতদেহ। ওচমানৰ এই দাবীক লৈ ৰাবিয়াৰ পৰিয়ালত হাহাকাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...