চকু ৰঙা পৰিলে তৎক্ষণাত কি কৰিব?

শেহতীয়াকৈ আপুনিও হয়তো আই ফ্লুৰ কথা শুনিছে। এই কনজাংটিভাইটিছ বা আই ফ্লু হৈছে এক সংক্ৰামক ৰোগ যিয়ে ভাইৰাছ বা বেক্টেৰিয়াৰ দ্বাৰা আপোনাৰ চকুযুৰিৰ ওপৰত প্ৰভাৱ পেলায়। শেহতীয়া বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এই ৰোগবিধৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে।

এই ৰোগৰ লক্ষণসমূহ জানো আহকচোন

চকু ৰঙা পৰা, চকুৰ পতা ফুলি উঠা আৰু চকুৰ খজুৱতি হোৱা
চকুৰ পৰা হালধীয়া বা পানীযুক্ত প্ৰাৰ ওলাই থকা।
আঠাসদৃশ স্ৰাৱ ওলোৱাৰ ফলত চকুৰ পতা দুটি বন্ধ হৈ থকা।
শিশুৰ ক্ষেত্ৰত কনজাংটিভাইটিছৰ আন আন লক্ষণবোৰৰ লগতে জ্বৰ থাকিব।

কনজাংটিভাইটিছৰ চিকিৎসা
চকুযুৰি পৰিষ্কাৰ কৰিবলৈ আই ৱাইপহে ব্যৱহাৰ কৰিব।
চকুযুৰি হাতেৰে স্পৰ্শ নকৰিব।
সুৰক্ষামূলক / ডাঠ লেন্সযুক্ত চছমা ব্যৱহাৰ কৰিব। কণ্টেক লেন্সৰ ব্যৱহাৰ পৰিহাৰ কৰক ।
এই ৰোগত আক্ৰান্ত হ’লে প্ৰতিকাৰৰ বাবে নিজাববীয়াকৈ ঔষধ ব্যৱহাৰ বা ঘৰুৱা চিকিৎসা পদ্ধতি অৱলম্বন কৰা পৰিহাৰ কৰক ।
চিকিৎসকৰ পৰামৰ্শ লৈহে আপোনাৰ চকুযুৰিত ঔষধ ব্যৱহাৰ কৰক।
যদি আপোনাৰ শেহতীয়াকৈ চকুৰ অস্ত্ৰোপচাৰৰ পিছত অস্পষ্ট দৃষ্টিশক্তি, চকু জ্বলা-পোৰা কৰা বা আই ফুৰ কোনো লক্ষণে দেখা দিয়ে তেন্তে শীঘ্ৰে চকু বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।

কনজাংটিভাইটিছৰ প্ৰতিৰোধ

আপোনাৰ হাত দুখন চাবোন আৰু চেনিটাইজাৰেৰে সঘনাই পৰিষ্কাৰকৈ ধুব। সুৰক্ষামূলক চছমা পিন্ধিব/চকুযুৰি হাতেৰে মোহাৰি থকা বা স্পৰ্শ কৰাটো পৰিহাৰ কৰক।
পৰিষ্কাৰ পানীৰে আপোনাৰ চকুযুৰি ধুই পৰিষ্কাৰ কৰি ৰাখক।
আক্রান্ত ব্যক্তিগৰাকীৰ টাৱেল ৰুমাল, বেডশিট আদি ব্যৱহাৰ কৰা পৰিহাৰ কৰক ।
যদি এই ৰোগৰ কোনো লক্ষণ থাকে তেন্তে চকুযুৰিত কোনোধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব। আপোনাৰ পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক

যদি সম্ভৱ, এই ৰোগৰ পৰা আৰোগ্য নোহোৱা পৰ্যন্ত জনসমাগম হোৱা ঠাই পৰিহাৰ কৰক আৰু সাঁতোৰাৰ পৰা আঁতৰি থাকক।

কেতিয়াও নিজাববীয়াকৈ ঔষধ ব্যৱহাৰ বা ফাৰ্মাচীৰ গৰাকীয়ে দিয়া ঔষধৰ ওপৰত নিৰ্ভৰ নকৰিব ।

ভাইৰেল কনজাংটিভাইটিছত আক্রান্ত হ’লে ষ্টেইডযুক্ত চকুত দিয়া ঔষধ সম্পূৰ্ণৰূপে পৰিহাৰ কৰি চলিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...