TRUMP থিমেৰে ৰঙীন হৈ পৰিছে আমেৰিকা

ট্ৰাম্প গুলীবিদ্ধ হোৱাৰ পিছতহে যেন উৎসাহ বাঢ়িল সমৰ্থকৰ মাজত। ১৩ জুলাইত আততায়ীয়ে ট্ৰাম্পক আক্ৰমণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে শনিবাৰে মেচিগানত অনুষ্ঠিত হ’ল ৰিপাব্লিকানৰ সমাৱেশ। কঠোৰ নিৰাপত্তাৰ মাজত সমাৱেশখন অনুষ্ঠিত হ’লেও সমৰ্থকৰ মাজত দেখ গ’ল ব্যাপক উলাহ। গ্ৰেণ্ড ৰেপিডছৰ ভান এন্দেল এৰেনা হৈ পৰিল ট্ৰাম্পময়।

ট্ৰাম্পৰ সমৰ্থকে শৰীৰ ঢাকিলে বিভিন্ন শ্লোগান লিখা সাজ পৰেৰে। ট্ৰাম্পৰ বিখ্যাত স্লোগান ‘মেক আমেৰিকা গ্ৰেইট এগেইন’ পুনৰ এবাৰ উচ্চাৰিত হৈছে। ইফালে ডোনাল্ড ট্ৰাম্পেও নিৰ্বাচনী সভাত গুলী খোৱাৰ প্ৰসংগ উল্লেখ কৰি প্ৰচাৰ চলাইছে। ট্ৰাম্পৰ মন্তব্য, ‘গণতন্ত্ৰ ৰক্ষাৰ বাবে গুলী খাইছোঁ’

ট্ৰাম্পক অগণতান্ত্ৰীক বুলি ডেমক্ৰেটিক দলে সমালোচনা কৰাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ গুলীচালনাকে অস্ত্ৰ কৰি লৈছে ৰিপাব্লিকান প্ৰাৰ্থীজনে। ইফালে ৰাষ্ট্ৰপতি জো বাইডেনক প্ৰাৰ্থী কৰাৰ ক্ষেত্ৰত দোধোৰ মোধোৰত পৰিছে ডেমক্ৰেটিক দল। মঞ্চৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থানত বাইদেনে অদ্ভুত আচৰন কৰিছে। কথাৰো লাকবান্ধ নোহোৱা হৈছে। পত্নী বলি আন মহিলাক চুম্বন কৰিবলৈ যোৱাৰ দৰে ঘটনাও ঘটিছে। এনে অৱস্থাত ডেমক্ৰেটিক দলে আন প্ৰাথী বিচাৰিছে যদিও বাইডেনে পুনৰ প্ৰাৰ্থী হ’ব বুলি নাচোৰবান্দা হৈ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...