আপোনাৰ সন্তানৰ ক্ৰিকেটাৰ হোৱাৰ মন আছে নেকি?

আপোনাৰ সন্তানৰ ক্ৰিকেটাৰ হোৱাৰ মন আছে নেকি?
IPL, ভাৰতীয় দলত খেলাৰ সপোন দেখিছে নেকি আপোনাৰ সন্তানে?
অসম ক্ৰিকেট সন্থাৰ প্ৰচেষ্টাই উদীয়মান খেলুৱৈৰ সপোন কৰিব সঁচা!

বৰ্তমান অসম আৰু ঘৰুৱা ক্ৰিকেটত উজলি আছে ৰিয়ান পৰাগ। অকল ৰিয়ানেই নহয় বিগত মুস্তাক আলী ট্ৰফীত আকাশ সেনগুপ্তা, ঋষভ দাস, মৃন্ময় দত্তৰ দৰে খেলুৱৈৰ প্ৰদৰ্শনে আনিছে অসম ক্ৰিকেটৰ বাবে সুনাম। আপোনাৰ সন্তানৰো যদি ক্ৰিকেটাৰ হোৱাৰ মন আছে তেন্তে তেওঁলোকৰ বাবে সুবৰ্ণ সুযোগ। কাৰণ ক্ৰিকেটৰ আন্তঃগাঁথনি উন্নয়নত অসম ক্ৰিকেটত সন্থাই দিছে অত্যধিক গুৰুত্ব। ৩ বছৰ পূৰ্বেই অসম ক্ৰিকেট সন্থাৰ সভাপতি হোৱাৰ পিছতে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল বৰ্তমানৰ BCCIৰ যুটীয়া সম্পাদক দেৱজিৎ লন শইকীয়াই। তেতিয়াই অসম ক্ৰিকেট সন্থাই সিদ্ধান্ত লৈছিল যে অসমৰ প্ৰায় সকলো জিলাতে অকল ক্ৰিকেট খেলিব পৰাকৈ এখন খেলপথাৰ নিৰ্মাণ কৰাৰ। ৩ বছৰৰ প্ৰচেষ্টা প্ৰায় এতিয়া সফল।

প্ৰায় ২৩খনকৈ খেলপথাৰ নিৰ্মাণ কৰি উলিয়াইছে ACAই

অসম ক্ৰিকেট সন্থাৰ এই প্ৰচেষ্টাৰ ফলত শেহতীয়াকৈ অসমে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত দেখুৱাইছে ভাল প্ৰদৰ্শন। ২০২২ বৰ্ষত বিজয় হাজাৰে ট্ৰফিৰ ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল অসমৰ দল। আনহাতে, এই বৰ্ষত চৈয়দ মুস্তাক আলী ট্ৰফীৰ ছেমিফাইনেলতো প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল অসমে।

ৰাজ্যত ক্ৰিকেটৰ আন্তঃগাঁথনি উন্নয়নত অসম ক্ৰিকেটত সন্থাৰ লগতে বিভিন্ন প্ৰশিক্ষণ চেন্টাৰৰো আছে বিশেষ অৰিহণা। এই প্ৰচেষ্টাৰ অংশ হিচাপে আজি ১টা বছৰ সম্পূৰ্ণ কৰে বেলতলা ক্ৰিকেট প্ৰশিক্ষণ চেন্টাৰে।

মুঠৰ ওপৰত এতিয়া সপোন বাস্তৱ কৰাৰ সময় অসমৰ উদীয়মান ক্ৰিকেটাৰসকলৰ। আন্তঃগাঁথনি উন্নয়নত অসম ক্রিকেট সন্থাৰ এই পদক্ষেপে জন্ম দিব বহু প্ৰতিভাৱান খেলুৱৈক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...