বীটৰ উপকাৰিতাসমূহৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

বীট মাটিৰ তলত হোৱা এবিধ পাচলি। গাজৰ, মূলা নাইবা আলুৰ দৰে বীটো মাটিৰ তলত হয়। এই বীটৰ আছে বহুতো উপকাৰিতা। বীট বিভিন্ন ধৰণে গ্ৰহণ কৰিব পাৰি। চালাদ, ভাজি নাইবা জুচ হিচাপেও ইয়াক গ্ৰহণ কৰিব পাৰে। কিন্তু বহুতে এই বীটৰ সোৱাদ বেয়া পায়, যাৰ বাবে তেওঁলোকে ইয়াক গ্ৰহণ কৰিব নিবিচাৰে। কিন্তু যিসকল লোকে ইয়াৰ লাভালাভৰ বিষয়ে জানে, তেওঁলোকে ইয়াক নিশ্চয় গ্ৰহণ কৰে। কিন্তু এই বীটনো আমাৰ স্বাস্থ্যৰ বাবে কিয় উপকাৰী, জানো আহকচোন।

বীটৰ উপকাৰিতাসমূহ

হৃদৰোগৰ পৰা মুক্তি : বীট খোৱাৰ ফলত হৃদৰোগৰ আশংকা হ্ৰাস হয়। বীটত যথেষ্ট পৰিমাণৰ ভিটামিন বি9 থাকে।

ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে : বীট হৈছে আঁহেৰে সমৃদ্ধ ফল। ই পাকস্থলীৰ ভিতৰৰ বেক্টেৰিয়াৰ সৈতে যুঁজ দিয়াত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। কোষ্ঠকাঠিন্য আৰু পাকস্থলী সম্পৰ্কীয় অন্যান্য ৰোগ পৰিহাৰ কৰিবলৈ বীট ব্যৱহাৰ কৰা হয়।

হিম’গ্ল’বিন বৃদ্ধি কৰাত সহায়ক : যদি শৰীৰত তেজৰ অভাৱ হয়, তেনেহ’লে আহাৰত বীট অন্তৰ্ভুক্ত কৰিব লাগে। আহাৰত বীট অন্তৰ্ভুক্তিয়ে এই সমস্যা সমাধান কৰে। যদি আপুনি বীটৰ টুকুৰা খাব নিবিচাৰে, তেন্তে আপুনি বীটৰ ৰসো সেৱন কৰিব পাৰে।

উজ্জল ছালৰ বাবে বীট : বীটত থকা ভিটামিন চি আৰু এণ্টি-অক্সিডেণ্ট আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। বীট খালে কেৱল আভ্যন্তৰীণ লাভালাভেই নহয়, ইয়াৰ বাহ্যিক লাভালাভো আছে। বীট গ্ৰহণ কৰিলে ছালৰ বিভিন্ন সমস্যা আঁতৰ হয়। ফলত আপুনি এখন সুন্দৰ ছালৰ অধিকাৰী হ’ব পাৰে।

বি:দ্ৰ : এই প্ৰতিবেদন সাধাৰণ তথ্যৰ আধাৰতহে প্ৰস্তুত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...