পশ্চিমবংগৰ হোটেলত আত্মগোপন কৰি থকা মানস চলিহাক গ্ৰেপ্তাৰ!

বিতৰ্কিত মানস চলিহাক গ্রেপ্তাৰ কৰিলে আৰক্ষীয়ে। প্রৱঞ্চনাৰ অভিযোগত গ্রেপ্তাৰ মানস চলিহাক। মানস চলিহাৰ প্রৱঞ্চনাৰ বলি হৈছিল বহু লোক। কেৱল অসমৰ বহু লোক প্রৱঞ্চিত হোৱাই নহয়, লগতে কেইবাগৰাকী প্রৱাসী অসমীয়াও প্ৰৱঞ্চিত হৈছিল। দিছপুৰ থানাত মানস চলিহাৰ বিৰুদ্ধে ৰুজু হৈ আছে বহু গোচৰ। শেহতীয়াকৈ আলফালৈ চোৰাংচোৱা প্রেৰণৰ অভিযোগ উঠিছিল মানসৰ বিৰুদ্ধে। আলফা(স্বাঃ)ৰ কাৰাগাৰত বন্দী মানস বৰগোহাঁয়ে আনিছিল অভিযোগ। পশ্চিমবংগৰ হোটেলত আত্মগোপন কৰি আছিল মানসে। দেওবাৰে গুৱাহাটীলৈ অনা হ’ব মানস চলিহাক। আজি আলিপুৰদুৱাৰ আদালতত হাজিৰ কৰোৱা হৈছে মানস চলিহাক। অৰ্গেনিক মাজুলীৰ নামতো প্রৱঞ্চনা কৰিছিল বহুতক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...