লাংড়া আমে এই নামটো কেনেকৈ পালে জানেনে?

ভাৰতত দশহৰী, কেছৰৰ দৰে আমৰ কেইবাটাও জাত পোৱা যায়, কিন্তু লাংড়া আমে নিজৰ নামৰ বাবে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে।

ক’ত পাইছিল এই নাম?

কেইবাখনো প্ৰতিবেদনত দাবী কৰা হৈছে যে, লাংড়া আমৰ সম্পৰ্ক উত্তৰ প্ৰদেশৰ বাৰাণসী চহৰৰ সৈতে আছে। তাতেই ইয়াক এই নাম দিয়া হৈছিল।

কেনেকৈ পাইছিল এই নাম?

দাবী কৰা হয় যে, বেনাৰছ (বৰ্তমান বাৰাণসী)ত এজন এখন ভৰিৰ প্ৰতিবন্ধী ব্যক্তিয়ে বাস কৰিছিল। তেওঁৰ ঘৰৰ চোতালত এজোপা আমৰ গছ আছিল।

সেই ব্যক্তিজনৰ ঘৰৰ চোতালত লগোৱা আমৰ সোৱাদ আৰু সুগন্ধ কিছু সুকীয়া আছিল। যেতিয়া মানুহে ইয়াৰ সোৱাদ ল’লে, তেতিয়া তেওঁলোকে ইয়াক লাংড়া আম বুলি নাম দিলে।

লাংড়া আমৰ কাহিনীৰ কোনো বৈজ্ঞানিক সম্পৰ্ক নাই। লাংড়া আমৰ খোলাটো পাতল আৰু সেউজীয়া হয়।

লাংড়া আম আঁহযুক্ত নহয়, কিন্তু কোমল আৰু মিঠা হয়। ইয়াৰ সুগন্ধ অতি তীব্ৰ হয়।

ক’ত উৎপন্ন হয়?

লাংড়া আম উত্তৰ প্ৰদেশ আৰু বিহাৰৰ উপৰিও উত্তৰাখণ্ডতো উৎপন্ন হয়। তথাপিও, উত্তৰ প্ৰদেশ আৰু বিহাৰত ইয়াক অধিক খোৱা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...