৪বাৰকৈ মোদীক ফোন কৰিলে ট্ৰাম্পে; ফোন ৰিচিভ নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

জাৰ্মানীৰ এটা সংবাদমাধ্যমৰ দাবী অনুসৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে বিগত কেইসপ্তাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাৰিবাৰ ফোন কৰিছিল। কিন্তু মোদীয়ে এই ফোন গ্ৰহণ কৰাৰ পৰা বিৰত আছে আৰু ট্রাম্পৰ সৈতে কথা পাতিবলৈ অমান্তি হৈছে। জাৰ্মানীৰ প্ৰভাৱশালী দৈনিক ফ্রাংকফুৰ্টাৰ এলজেমেইন জেইটাং (এফএজেড)-এ এই দাবী কৰিছে। ইয়াৰ সমান্তৰালভাৱে জাপানৰ সংবাদমাধ্যম নিক্কেই এছিয়ায়ো ২৪ আগষ্টত প্ৰকাশ কৰিছে যে, ট্রাম্পে একাধিকবাৰ বুজাবুজিৰ বাবে মোদীক ফোন কৰিছিল, কিন্তু মোদীয়ে তাক প্ৰত্যাখ্যান কৰিছে। এই প্ৰতিবেদনত ভাৰতীয় কূটনীতিবিদৰ উদ্ধৃতি দিয়া হৈছে, যদিও নিৰ্দিষ্ট সূত্ৰৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। এই পৰিপ্ৰেক্ষিতত ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক সম্পৰ্কত চলি থকা সংঘাতৰ মাজত এই দুই বিদেশী সংবাদমাধ্যমৰ প্ৰতিবেদনে নতুন মাত্ৰা যোগ কৰিছে।

বিদেশী সংবাদমাধ্যমৰ প্ৰতিবেদনত মোদীয়ে ট্রাম্পৰ ফোন গ্ৰহণ নকৰাৰ কাৰণো উল্লেখ কৰা হৈছে। ইয়াৰ মূল কাৰণ হৈছে পাকিস্তানৰ প্ৰসংগ। ২২ এপ্ৰিলত পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সংঘাতৰ সৃষ্টি হৈছিল। ট্রাম্পে দাবী কৰিছে যে, তেওঁ শুল্কৰ ভীতি প্ৰদৰ্শন কৰি এই সংঘাতৰ অৱসান ঘটাইছিল। কিন্তু নতুন দিল্লীয়ে এই দাবীক প্ৰথমৰে পৰা অস্বীকাৰ কৰি আহিছে। প্ৰতিবেদন অনুসৰি, মোদীৰ আশংকা যে- ফোনত কথা হ’লে ট্রাম্পে তেওঁৰ কথোপকথনৰ ভুল ব্যাখ্যা কৰিব পাৰে। ইয়াৰ উপৰিও, কিছুদিন পূৰ্বে ট্রাম্পে পাকিস্তানৰ সৈতে বাণিজ্যিক সম্পৰ্ক জোৰদাৰ কৰাৰ কথা কৈছিল, যাৰ ফলত মোদী অসন্তুষ্ট হৈছে বুলি দাবী কৰা হৈছে।

বুধবাৰৰ পৰা ভাৰতীয় পণ্যৰ ওপৰত ট্রাম্প প্ৰশাসনে অতিৰিক্ত শুল্ক কাৰ্যকৰী কৰিছে। এই শুল্কৰ কাৰণ হৈছে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা, যাক আমেৰিকাই ইউক্ৰেইন যুদ্ধত পৰোক্ষ সহযোগিতা বুলি অভিহিত কৰিছে। এই পৰিস্থিতিত ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কত উত্তেজনা বৃদ্ধি পাইছে।

ট্রাম্পৰ প্ৰথম কাৰ্যকালত তেওঁ আৰু মোদীৰ মাজত অতি ভাল সম্পৰ্ক আছিল। কিন্তু বৰ্তমানৰ পৰিস্থিতিত, বিশেষকৈ পাকিস্তানৰ সৈতে ট্রাম্পৰ কথিত নীতি আৰু শুল্কৰ চাপৰ বাবে সম্পৰ্কত সংঘাত সৃষ্টি হৈছে। জুন মাহত কানাডাত জি২০ শীৰ্ষ সন্মিলনৰ পিছত ট্রাম্পৰ সৈতে মোদীৰ সাক্ষাৎ হোৱাৰ কথা আছিল, কিন্তু ট্রাম্পৰ আগতীয়া প্ৰস্থানৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। ইয়াৰ পিছত মোদীক ৱাশ্বিংটনলৈ আমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু তেওঁ তাক এৰাই চলিছিল।

জাৰ্মানী আৰু জাপানৰ সংবাদমাধ্যমৰ এই দাবীৰ পিছত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কক লৈ নতুনকৈ চৰ্চা আৰম্ভ হৈছে। নতুন দিল্লী আৰু ৱাশ্বিংটনৰ তৰফৰ পৰা এই বিষয়ত এতিয়ালৈ কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...