ৰে’লৰ পাছফালে ‘X’ চিহ্নটো কিয় থাকে জানেনে?

আপুনিও নিশ্চয় জীৱনত এবাৰ হলেও ৰে’লেৰে যাত্ৰা কৰিছে। আপুনিও হয়তো ৰে’লৰ পাছফালে থকা ‘X’ চিহ্নটো দেখিছে। কিন্তু আপুনি বাৰু জানেনে ৰে’লৰ পাছফালে ‘X’ চিহ্নটো কিয় থাকে? যদি নাজানে তেন্তে জানিবলৈ পঢ়ক এই প্ৰতিবেদন।

সচৰাচৰ আপোনালোক সকলোৱে ৰে’লৰ শেষৰ দবাটোত থকা ‘X’ চিহ্নটো দেখিছে। কিন্তু আপুনিও হয়তো এই ‘X’ চিহ্নটো কিয় থাকে সেয়া নাজানে। আচলতে যেতিয়া ৰে’লখনে ষ্টেচন অতিক্ৰম কৰে তেতিয়া ষ্টেচন মাষ্টৰে ৰে’লখনৰ সকলো দবা ঠিকেই আহিছে নাই নিশ্চিত কৰিব লাগে, এইক্ষেত্ৰত তেওঁ ৰে’লৰ শেষৰ দবাটোৰ ‘X’ চিহ্নটো চাই সেয়া নিশ্চিত কৰে।

যদি ৰে’লৰ শেষৰ দবাটোত ‘X’ চিহ্নটো নাথাকে তেতিয়া তেওঁ ততাতৈয়াকৈ বিভাগীয় কৰ্তৃপক্ষক খবৰ দিয়ে। কিয়নো ৰে’লৰ শেষৰ দবাটোত ‘X’ চিহ্ন নথকাৰ অৰ্থ হ’ল ৰে’লখনৰ কিছুমান দবা ৰে’ল লাইনতে থাকি আহিল। তেতিয়া কোনো দুৰ্ঘটনা সংঘটিত নহ’বৰ বাবে সেই ৰে’ল লাইনত অহা সকলো ৰে’ল ৰখাই দিয়া হয়।

NKTV Digital
Author: NKTV Digital

301 COMMENTS

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...