ৰে’লৰ পাছফালে ‘X’ চিহ্নটো কিয় থাকে জানেনে?

আপুনিও নিশ্চয় জীৱনত এবাৰ হলেও ৰে’লেৰে যাত্ৰা কৰিছে। আপুনিও হয়তো ৰে’লৰ পাছফালে থকা ‘X’ চিহ্নটো দেখিছে। কিন্তু আপুনি বাৰু জানেনে ৰে’লৰ পাছফালে ‘X’ চিহ্নটো কিয় থাকে? যদি নাজানে তেন্তে জানিবলৈ পঢ়ক এই প্ৰতিবেদন।

সচৰাচৰ আপোনালোক সকলোৱে ৰে’লৰ শেষৰ দবাটোত থকা ‘X’ চিহ্নটো দেখিছে। কিন্তু আপুনিও হয়তো এই ‘X’ চিহ্নটো কিয় থাকে সেয়া নাজানে। আচলতে যেতিয়া ৰে’লখনে ষ্টেচন অতিক্ৰম কৰে তেতিয়া ষ্টেচন মাষ্টৰে ৰে’লখনৰ সকলো দবা ঠিকেই আহিছে নাই নিশ্চিত কৰিব লাগে, এইক্ষেত্ৰত তেওঁ ৰে’লৰ শেষৰ দবাটোৰ ‘X’ চিহ্নটো চাই সেয়া নিশ্চিত কৰে।

যদি ৰে’লৰ শেষৰ দবাটোত ‘X’ চিহ্নটো নাথাকে তেতিয়া তেওঁ ততাতৈয়াকৈ বিভাগীয় কৰ্তৃপক্ষক খবৰ দিয়ে। কিয়নো ৰে’লৰ শেষৰ দবাটোত ‘X’ চিহ্ন নথকাৰ অৰ্থ হ’ল ৰে’লখনৰ কিছুমান দবা ৰে’ল লাইনতে থাকি আহিল। তেতিয়া কোনো দুৰ্ঘটনা সংঘটিত নহ’বৰ বাবে সেই ৰে’ল লাইনত অহা সকলো ৰে’ল ৰখাই দিয়া হয়।

NKTV Digital
Author: NKTV Digital

301 COMMENTS

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...